কাৰ্বি আংলং, ২০ জুলাই (হি.স.): দক্ষিণ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং পি.জি. আৰ. ৱাৰ্ডত কংগ্ৰেছত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱাকালি শনিবাৰে বিয়লি বঙালমৰা গ্ৰেজিঙ নৱমিলন কৃষ্টি বিকাশ কেন্দ্ৰত ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিন লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং পি,জি, আৰ, ৱাৰ্ডত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ ভূপেন কুমাৰ বৰা আৰু মণ্ডল কংগ্ৰেছৰ বিষয় ববীয়া আৰু জ্যেষ্ঠ দলীয় কৰ্মীৰ উপস্থিতিত ২৭ গৰাকী কৰ্মীয়ে ভাৰতীয় জাতীয় কংগেছ দলত যোগদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
