যোৰহাট, ১০ নৱেম্বৰ (হি.স.)। তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাষিকৰ ছাত্ৰী বিপ্লৱী দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে কালি নিশা ১ বজাৰ পৰাই উত্তপ্ত হৈ আছে তিতাবৰ। অতি নিৰ্মম , নৃশংস কৰুণ আৰু হৃদয় বিদাৰক ঘটনা। এগৰাকী ৬৩ বছৰীয়া লম্পট বৃদ্ধই অতি নিৰ্মমভাৱে হত্যা কৰিলে এগৰাকী ১৯ বছৰীয়া কলেজীয়া ছাত্ৰীক।
তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী বিপ্লৱী দাসৰ অতি কৰুণ আৰু নিৰ্দয়ভাৱে হত্যা কৰিলে পাতি লোৱা বৰদেউতাক কুলাংগাৰ জগত সিঙে। নিজৰ কামনা চৰিতাৰ্থ কৰি ৭ মাহৰ অন্তঃসত্বা কৰা যুৱতীগৰাকীক হত্যা কৰি অভিযুক্ত জগত সিঙে সমাজত নিৰ্মল হৈ থকাৰ ভয়ংকৰ অভিসন্ধি অৱশেষত ফূটুকাৰ ফেনত পৰিণত হ’ল। উল্লেখ্য যে তিতাবৰ শিলিখাবাৰী গ্ৰাণ্টৰ নিজ বাসগৃহৰ পৰা ৭ নৱেম্বৰৰ দিনা পুৱা কলেজলৈ ওলাই অহাৰ পাছৰ পৰাই নিখোঁজ হৈ থকা বিপ্লৱী দাসৰ সন্ধান লাভ কৰিছে তিতাবৰ আৰক্ষীয়ে।
১৯ বছৰীয়া যুৱতী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জগত সিঙৰ বাসগৃহৰ পাছফালে থকা চেনিটেৰী লেট্ৰিনৰ টেংকিত উৱঁলি যোৱা অৱস্থাত সন্ধান উলিয়াইছে। যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ বাবে ঘাইকৈ তিতাবৰ আৰক্ষী জড়িত থকাৰো সন্দেহ ঘনীভূত হৈছে। এইক্ষেত্ৰত সবাতোকৈ চৰ্চা লাভ কৰিছে তিতাবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসৰ নাম। শেহতীয়াকৈ এইগৰাকী আৰক্ষী বিষয়াই অভিযুক্ত জগত সিঙক ৰক্ষণাবেক্ষণ দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল বুলিও ভূক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালে দাবী কৰিছিল।
যুৱতী গৰাকীৰ পিতৃয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সময়ত ধৃত জগত সিঙৰ নাম উচ্চাৰণ কৰিছিল যদিও আৰক্ষী বিষয়া গৰাকীয়ে ওলোটাই কি প্ৰমাণ আছে বুলিহে ধমকি প্ৰদান কৰিছিল। আনহাতে বিভিন্ন দল-সংগঠনৰ হেচাঁত ৮ অক্টোবৰৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জগত সিঙে আৰক্ষীক স্বীকাৰোক্তি দিছিল যে যুৱতী গৰাকীৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক স্থাপন হৈছিল। তদুপৰি যুৱতী গৰাকী ৭ মাহৰ অন্তঃসত্বা আছিল বুলিও অভিযুক্ত গৰাকীয়ে স্বীকাৰ কৰিছিল। এই সম্পৰ্কত আৰক্ষীয়ে মুখ খোলা নাছিল যদিও আৰক্ষীয়ে অভিযুক্ত গৰাকীৰ জবানবন্দী লিপিবদ্ধ কৰা এটা টোকাৰ পৰাই বিষয়টো পোহৰলৈ আহিছিল।
কিন্তু লজ্জাজনক কথাটো হ’ল – ইমানখিনিলৈকে আৰক্ষীয়ে গম পোৱাৰ পাছত যুৱতী গৰাকী ক’ত কেনেকৈ জীৱিত নে মৃত অৱস্থাত আছে সেইকথা কিয় আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে। তাক কেন্দ্ৰ কৰি যোৱাকালি দিনৰ ভাগৰ পৰাই উত্তেজিত জনতাই আৰক্ষী থানা ঘেৰাও কৰি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছিল। উত্তেজিত জনতাৰ ৰূদ্ৰমূৰ্তি দেখি আৰক্ষী থানাৰ লকআপৰ ভিতৰতে অচেতন হৈ পৰিছিল অপৰাধী জগত সিঙ। লগে লগে তিতাবৰ আৰক্ষীয়ে অভিযুক্ত গৰাকীক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহবিদ্যালয়ত ভৰ্তি কৰে। পৰৱৰ্তী সময়ত উত্তেজিত লোকসকলে যুৱতী গৰাকীৰ সন্ধান উলিয়াবলৈ নিশাতো আৰক্ষীক শেষ সময়সীমা বান্ধি দিছিল। অৱশেষত নিশা ১২ বজাৰ পাছত ১৯ বছৰীয়া কলেজীয়া যুৱতী গৰাকীৰ অৰ্ধগলিত আৰু উলংগ মৃতদেহ অভিযুক্ত গৰাকীৰ চেপটিক টেংকৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
