
ধুবুৰী, ২৮ জুলাই (হি.স.): ধুবুৰী জিলাৰ তামৰহাটৰ ধুতুৰামাৰীত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। অল্টো বাহন আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা ঘটে। দুৰ্ঘটনাত বাইক আৰোহী অশ্বৰ আলী গুৰুতৰ ভাবে আহত বহয় । বাইক আৰোহী অশ্বৰ আলীৰ ঘৰ ধুবুৰীৰ কালাহাটত । সংকটজনক অৱস্থাত স্থানীয় লোকে অশ্বৰ আলীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
নিৰ্মীয়মান ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা । দূৰ্ঘটনা পতিত হোৱা পালচাৰ বাইকখনৰ নম্বৰ এএছ ১৭ কিউ ৩৪৬৯ আৰু অল্টো বাহন নম্বৰ এএছ ১৭ এফ ৬৮৭৫ বুলি জনা গৈছে। ইফালে নিৰ্মানকাৰী সংস্থা জাণ্ডু কনচট্রাকচনে পথ নিৰ্দেশনা নিদিয়াৰ বাবে সাধনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলিও অভিযোগ উঠিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
