কাছাৰ, ০৮ নৱেম্বৰ (হি.স.)। ডিমাহাছাওৰ হাৰাংগাজাওত আজি এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। হাৰাংজাওলৈ ফুৰিবলৈ গৈছিল নিট শিলচৰৰ সাতগৰাকী শিক্ষাৰ্থী। হাৰাংগাজাওৰ বোলচল জলপ্ৰপাতত গা ধুবলৈ গৈ মৃত্যু দুগৰাকী ছাত্ৰী সহ তিনিজনৰ। তিনিও গৰাকী নিট শিলচৰৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী আছিল।
সৌহাৰ্য ৰায় আৰু সৰ্বকৃতিকাৰ বয়স ২০ বছৰ। উত্তৰ প্ৰদেশৰ বাসিন্দা। মৃত ৰাধিকাৰ বয়স বিহাৰত।বয়স ১৯ বছৰ। মৃতদেহ তিনিটা উদ্ধাৰ কৰি বৰ্তমান নিট শিলচৰৰ চৌহদত ৰখা হৈছে।নিহত শিক্ষাৰ্থী তিনিজনৰ অভিভাৱকলৈ অপেক্ষা কৰিব নিট শিলচৰ কতৃপক্ষই।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
