
তিনিচুকীয়া, ১০ জানুৱাৰী (হি.স.): তিনিচুকীয়াৰ ডিগবৈত এজন ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই যোৱা পিছৰে নিখোজ হৈ থকা খবৰ পোৱা গৈছে।
জানিব পৰা মতে, ডিগবৈ মিছন পাৰা নিবাসী প্ৰশেনজিৎ ভট্টাচাৰ্যৰ ১৩ বছৰীয়া পুত্ৰ পিনাক ভট্টাচাৰ্য্য বৰপাৱৈত অৱস্থিত বিবেকানন্দ অকাডেমি বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি আছে। আন দিনাৰ দৰে যোৱাকালি মঙলবাৰে পুৱা এএছ ২৩ এছি ১৩৮৬ নম্বৰৰ স্কুল বাচখনত বিদ্যালয়লৈ যোৱাৰ পৰাই ছাত্ৰজন নিখোজ হৈ আছে। ছাত্ৰ জনৰ পিতৃ ভট্টাচাৰ্যই ইতিমধ্যে সমগ্ৰ ঘটনাটো ডিগবৈ থানাৰ আৰক্ষীক অৱগত কৰা পিছত আৰক্ষীৰ লগতে গাওঁৰক্ষী বাহিনীয়ে উদ্ধাৰৰ সন্ধানত নামি পৰিছে বুলি খবৰ পোৱা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
