শোণিতপুৰ, ২৪ অক্টোবৰ(হি.স.)। দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত টেঙাবিলত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ।
বনৰীয়া হাতীৰ জাকৰ দুটা হাতীৰ মাজত হোৱা প্ৰচণ্ড কাজিয়াত আঘাটপ্ৰাপ্ত হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে। জিলা বন বিভাগৰ বিষয়া, কৰ্মচাৰী,চিকিতসক আহি মৃতদেহটো পৰীক্ষা কৰি ইতিমধ্যে বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে আৰু মৃতদেহটো গাত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
