পশ্চিম কাৰ্বি আংলং, ২১ ডিছেম্বৰ (হি.স.): পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত টুম্প্ৰেং আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ২২ আৰু ২৩ ডিছেম্বৰত দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো টুম্প্ৰেং মাজগাঁও আঞ্চলিক নামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰাৰ বাবে দিহা কৰা হৈছে। এই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো পৰিচালনা কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙক মুখ্য পৃষ্ঠপোষক হিচাপে লোৱা হৈছে।
একেদৰে দিত্যলাল হাচনুক সভাপতি , বিপুল নাথক কাৰ্যকৰী সভাপতি, নবীন শইকীয়াক উপ-সভাপতি , ধ্ৰুৱ বৰাক সাধাৰণ সম্পাদক, দিগন্ত বৰা আৰু ধীৰেন টেৰণ দ্বয়ক কাৰ্যকৰী সম্পাদক, উজ্জ্বল হোজাই, দেৱানন লাংঠাছা আৰু প্ৰশান্ত শইকীয়া ত্ৰয়ক যুটীয়াভাৱে সাংস্কৃতিক বিভাগৰ সম্পাদক, সাংবাদিক গুৰুমূখ সিং আৰু দুল কেম্প্ৰাই দ্বয়ক প্ৰচাৰ বিভাগৰ সম্পাদক হিচাপে লৈ আৰু আন কেইবাখনো উপ-সমিতিৰে সৈতে এখন শক্তিশালী ৰাস উদযাপন সমিতি গঠন কৰা হৈছে। শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ২২ ডিছেম্বৰৰ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত স্থানীয় যুৱক যুৱতী তথা আইমাতৃ সকলৰ দ্বাৰা পৰিবেশ নিকাৰণ, পুৱা ১০ বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰিব সভাপতি দিত্যলাল হাচনুৱে, দুপৰীয়া ১২ বজাত সামুহিক নামপ্ৰসংগ ভাগ অনুষ্ঠিত কৰা হ’ব। নামপ্ৰসংগ ভাগ পৰিচালনা কৰিব নামাচাৰ্য যাদৱ লস্কৰে । সন্ধিয়া ৭ বজাত বায়ন প্ৰিয়ব্ৰত মছৰঙ আৰু গায়ন ৰতন খৰাই দ্বয়ৰ নেতৃত্বত খোল প্ৰসঙ্গ কৰা হ’ব । ইয়াৰ পাছতে আঠ বজাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ উপলক্ষে কেলিগোপাল নাট প্ৰদৰ্শন কৰা হ’ব।
কাৰ্যসূচীৰ সামৰণি দিনা অৰ্থাৎ ২৩ ডিছেম্বৰত সন্ধিয়া ৭ বজাত মঞ্চ উদ্বোধন কৰিব ডংকা উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া মানৱ বৰাই । এই মঞ্চতে সন্ধিয়া ৭-৩০ বজাত জনজাতীয় লোকনৃত্য পৰিবেশন কৰা হ’ব । ইয়াৰ পাছতে ৯ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। সেয়েহে ৰাস প্ৰেমী ৰাইজক দুয়োটা দিনৰ কাৰ্যসূচীতে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে উপভোগ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
