নগাঁও, ০৩ আগষ্ট (হি.স.): নগাঁও জিলাৰ জুৰীয়াত যোৱা কালি শনিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে দগাঁও অসামৰিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ লক্ষ্যজিত ভূঞাৰ। জুৰীয়া চাৰিআলিৰ পৰা চামধৰা যোৱাৰ পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
জানিব পৰা মতে দগাঁও ফালৰ পৰা অহা তীব্ৰ বেগী এএছ ০২ কে ৯৩৮৬ নম্বৰৰ ইয়ন বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথাৰ কাষত থকা বিদ্যুতৰ খুটাত খুন্দা মৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। তীব্ৰ বেগী ইয়ন বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দ মৰাত ফলত বাহন খন প্ৰায় সম্পূৰ্ণ বিধস্ত হয় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে চিকিৎসক ডা: লক্ষ্যজিত ভূঞাৰ।
ঘটনাস্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
