
তিনিচুকীয়া, ০৬ আগষ্ট (হি.স.): তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অৰ্ন্তগত সোণালী জনজাতি দেউৰী গাঁৱত নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে। জাগুন আৰক্ষীয়ে মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি কুখ্যাত ড্ৰাগচ বেপাৰী মৃদুল চেতিয়াক নিজ গৃহৰ পৰা নিষিদ্ধ ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন মৃদুল চেতিয়া বহুদিনৰ পৰাই নিষিদ্ধ ড্ৰাগচ বেপাৰৰ সৈতে জড়িত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী আৰু গাওঁবাসীৰ চকুত ধূলি মাৰি ড্ৰাগছ সৰবৰাহ ও বিক্ৰেতা হিচাবে নিজকে লপ্ত ৰখা এই অসাধু ড্ৰাগছ বেপাৰীটো অৱশেষত যোৱাকালি বিয়লি জাগুন আৰক্ষীৰ হাতত পৰে। জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমান যদিও ৯ গ্ৰাম, কিন্তু আটকাধিন মৃদূলৰ পৰা আৰু অধিক ড্ৰাগছ উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে জাগুন আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
