
দৰং, ২২ আগষ্ট (হি.স.)। দৰং জিলাৰ ছিপাঝাৰৰ ৰাজপথত গৰাকীবিহীন তিনিটা ঘোঁৰাৰ উপদ্ৰৱ চলিব ধৰিছে । বিপদত পৰিছে ৰাজপথত চলাচল কৰা একাংশ পথচাৰী। ছিপাঝাৰ পৌৰসভাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে উন্মুক্ত ঘোঁৰা তিনিটাই বিপদ কঢ়িয়াই আনিছে পথচাৰী সকলৰ।
ৰাজপথৰে চলাচল কৰা বাহন আগছি ধৰাৰ উপৰিও একাংশ লঘু বাহনৰ ওপৰতো অতৰ্কিতে আক্ৰমণ কৰে এই ঘোঁৰা তিনিটাই। যাৰ বাবে শিশু মহিলাৰ উপৰিও স্কুলীয়া শিক্ষাৰ্থী সকল ভয় শংকাৰে যাতায়ত কৰিব লগা হৈছে। আনহাতে স্থানীয় লোকে বন বিভাগ তথা প্ৰশাসনৰ দ্বাৰা ঘোঁৰা কেইটা নিৰ্দিষ্ট স্থানত ৰখাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
