
ধুবুৰী, ১৮ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ চাপৰ বহলপুৰ চম্পানৈত যোৱাকালি দেওবাৰে বিয়লি এক অঘটন সংঘটিত হয় । পানীত পৰি ৩ গৰাকী যুৱক সন্ধানহীন হৈ পৰে । ধুবুৰীজিলাৰ বহলপুৰ চম্পানৈত গা ধুবলৈ গৈ তিনি বন্ধু সন্ধান হীন হৈ পৰে । তাৰ পিছতে পৰিয়ালৰ মাজত এক হাহাকাৰময় পৰিস্তিতি সৃষ্টি হয়।
ইতিমধ্যো ঘটনা স্থলিত এছডিআৰএফ বাহিনী আৰু চাপৰ আৰক্ষী উপস্তিত হৈ উদ্ধান অভিযান চলাইছে। জানিব পৰা অনুশৰি বহলপুৰ বৰোপাৰাৰ পৰা গাধুবলৈ আহিছিল বহলপুৰ ব্ৰীজৰ তলত। কিন্তুক গা ধুবলৈ আহি ঘটিল অঘটন। উদ্ধান অভিযানত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন এগৰাকীৰ এই পৰ্যন্ত সন্ধান উলিৱাব পৰা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
