– আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ
নতুন দিল্লী, ০৫ জানুৱাৰী (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। শেহতীয়াকৈ এই সংক্ৰমণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি শুকুৰবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৭৬১ জন লোক আক্ৰান্ত হৈছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ ১২ জন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি শুকুৰবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৭৮,৮৮৫ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৮৩৮ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৮৫ জন(১.১৯ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৪৩৩৪ জন। যিটো মুঠ সংক্ৰমণৰ ০.০১ শতাংশ।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰৱিন্দ
