
গোৱালপাৰা, ১৭ অক্টোবৰ (হি স)। গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। যোৱাকালি সোমবাৰে জিলাখনৰ দৰংগিৰিৰ ৰং ৰঙা পাৰাৰ খেতিপথাৰত এটা বন্যহস্তিৰ মৃত্যু হৈছিল । ইফালে গোৱালপাৰাৰ ভালুকডুবিত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা। মেহুবুবা আলম আহমেদ(৫৫) নামৰ মহিলা গৰাকী প্ৰাত:ভ্ৰমণ কৰি থকা অৱস্থাতে আক্ৰমণ কৰে বন্যহস্তিয়ে।
মৃত মহিলা গৰাকীৰ ঘৰ গোৱালপাৰা চহৰৰ কল্পনা নগৰত। জানিৱ পৰা মতে, মহিলা গৰাকীয়ে পৰিয়ালৰ সৈতে শোলমাৰিলৈ গৈ আছিল নিজ কন্যাক আনিবলৈ। কন্যা গৰাকী যোৰহাটৰ পৰা নৈশ বাছেৰে আহি পৰিয়ালৰ বাবে ৰৈ আছিল। কন্যা গৰাকীক আনিব যাওতে মহিলা গৰাকীয়ে কিচুদুৰ অকলে খোজ কাঢ়ি যাম বুলি কলে পৰিয়ালক। ইফালে পৰিয়ালৰ লোকে কন্যা গৰাকীক লৈ আহি থাকোতে আধা বাটত মহিলা গৰাকী পৰি থকা দেখা পায়। পথচাৰী সকলেও প্ৰত্যক্ষ কৰে মহিলা গৰাকীক হাতীয়ে আক্ৰমন কৰা। পিচত গোৱালপাৰা চোলেছ নাৰ্ছিং হোমত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাৱে মহিলা গৰাকীৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিয়া হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
