বৰপেটা, ২৭ জুলাই (হি.স.): কাৰ্গিল বিজয় দিৱস উপলক্ষে বজালীত যোৱা কালি শনিবাৰে সন্ধিয়া জোঁৰ সমদল বাহিৰ কৰা হয় ৷ কাৰ্গিল বিজয় দিবস উপলক্ষে ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিয়ে জোঁৰ সমদল উলিয়ায়৷
ইয়াত ৰাজ্যিক উপ সভাপতি মনোজ বৰুৱা বজালী জিলাৰ সভপতি পদ্মনাথ শৰ্মা উপ-সভাপতি সুৰজিত পাটগিৰী জিলা সাধাৰণ সম্পাদক মুকুট দাসৰ লগতে মণ্ডলৰ সমূহ বিষয়ববীয়া এই সমদলত উপস্থিত থাকে৷ বীৰ শ্বহীদ সকলক বিজেপিৰ সমূহ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলী জনায়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
