কাছাৰ, ১০ আগষ্ট (হি.স.)। কাছাৰৰ ডিগৰখালত বুজণ পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ জব্দ কৰা হৈছে। মেঘালয় সীমান্তত থকা ডিগৰখাল টোলগেটত নাকা চেকিঙৰ সময়ত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে এই কফছিৰাপ খিনি।
গুৱাহাটীৰ পৰা মিজোৰাম অভিমুখী এমজেড ০১ এডি ০৩৫৫ নম্বৰৰ ট্ৰাক খনত তালাচী চলাই আৰক্ষীয়ে ৫৬ কাৰ্টুন ভিনকফ-প্লাছ (Vincof-Plus) ব্ৰেণ্ডৰ কফ ছিৰাপ জব্দ কৰে।কাৰ্টুন কেইটাৰ পৰা মুঠ ৮৪০০ বটল কফছিৰাপ জব্দ কৰা হয়। জব্দ কৰা কফছিৰাপৰ মুল্য প্ৰায় ৫০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
ইফালে, অবৈধ কফছিৰাপ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মিজোৰাম আইজলৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তি দুজন লালছুয়ান ফেলা আৰু মেথিউ জনুন মাইয়া বুলি চিনাক্ত কৰা হৈছে।
*********************
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
