নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। আজিৰ পৰা দুদিনীয়াকৈ ওড়িশা আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ আৰম্ভ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱ। আজি ভুৱনেশ্বৰ আৰু কাইলৈ লক্ষ্ণৌৰ সন্মানীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুৰ্মুৱে।
ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰে যে তেওঁ আজি ভুৱনেশ্বৰত ওড়িশা বিধানসভাৰ সদস্যসকলক সম্বোধন কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্ণৌত ব্ৰহ্ম কুমাৰীসকলৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক থিম মেডিটেচন ফৰ গ্ল’বেল ইউনিটি এণ্ড ট্ৰাষ্টৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
মুখপাত্ৰগৰাকীৰ মতে, ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে লক্ষ্ণৌত ভাৰত স্কাউট আৰু গাইডৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ইয়াৰ ১৯ সংখ্যক ৰাষ্ট্ৰীয় সমাৰোহত ভাষণ দিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
