যোৰহাট, ০১ আগষ্ট (হি.স.)। ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ভাদ মাহৰ পাল নামৰ বাবে সাজু কৰি তোলা হৈছে। চাপ চিকন তথা চুণ তেল দি সজাই পৰাই তোলা হৈছে নামঘৰটি।
পবিত্ৰ ভাদ মাহলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত চাৰি প্ৰসংগীয়া পাল নামৰ বাবে প্ৰস্তুতি চলাইছে বৰ নামঘৰ পৰিচালনা সমিতিয়ে । সজাই পৰাই তোলা হৈছে নামঘৰ চৌহদ । উল্লেখযোগ্য যে ভাদ মাহক প্ৰতিজন অসমীয়াই পবিত্ৰ মাহ হিচাপে গণ্য কৰে। সেয়ে বছৰৰ অনান্য মাহৰ তুলনাত ভাদ মাহত অসমৰ নামঘৰ সমূহত হৰি নামৰে মুখৰিত হৈ উঠে সমগ্ৰ দিনতো। ব্যতিক্ৰম নহয় ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰো। শাওনৰ সংক্ৰান্তিৰ পৰা মাহ যোৰা পালনাম অনুষ্ঠিত হ’ব ঢেকীয়াখোৱা বৰ নামঘৰতো । এই পাল নামলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা ভক্ত সকলক আদৰিবলৈ বৰ নামঘৰ পৰিচালনা সমিতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
