
গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.) গুৱাহাটীত উপস্থিত হৈয়ে আজি পোনে পোনে কামাখ্যা মন্দিৰলৈ গৈ শক্তিপীঠ কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰে ভূটান নৃপতি জিগমে খেছাৰ ন্যামগাল ৱাংচুকে। আজি পুৱা এক বিশেষ বিমানেৰে আহি গুৱাহাটীত উপস্থিত হোৱা চুবুৰীয়া দেশ ভূটানৰ ৰজাগৰাকীয়ে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই পোনে পোনে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে কামাখ্যা মন্দিৰত উপস্থিত হয়।
মন্দিৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে ভূটানৰ ৰজাগৰাকীক উষ্ম আদৰণি জনোৱা হয়। প্ৰায় আধা ঘন্টা সময় তেওঁ কামাখ্যা মন্দিৰত কটায়। মন্দিৰ দৰ্শন কৰি মন্দিৰ পৰিক্ৰমা কৰাৰ লগতে মা কামাখ্যাৰ আশীষ লয় ৰজা ৱাংচুকে। মন্দিৰ দৰ্শনৰ সময়ত কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হয় সাধাৰণ যাত্ৰীৰ দৰ্শন। উল্লেখ্য যে প্ৰথম বাৰৰ বাবে অসমলৈ আহি কামাখ্যা মন্দিৰ দৰ্শন কৰে ভূটানৰ ৰজাই।
ইফালে কামাখ্যা দেৱালয়ৰ ফালৰ পৰা ৰজাক উপহাৰ হিচাপে দিয়া হয় কামাখ্যা মন্দিৰৰ আৰ্হিৰ এটা প্ৰতীক। মন্দিৰত উপস্থিত হোৱাৰ পিছতে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফুলাম গামোচাৰে আদৰণি জনায় ভূটান নৃপতিক। ইয়াৰ পূৰ্বে পুৱা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে ভূটান নৃপতিক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
