নগাঁও, ০৩ নৱেম্বৰ (হি.স.)। নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ভকত গাঁৱৰ পৰা এগৰাকী যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালত হাহাকাৰৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, ধিঙৰ ভকত গাঁৱৰ মৰমী দেবীৰ পুত্ৰ ৰাজু মণি নাথ যোৱা ১ নবেম্বৰ দিনা গধূলি প্ৰায় ৫ মান বজাৰ পৰা নিজ বাস গৃহৰ পৰা নিৰুদ্দেশ হয়।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ৰাজু মণি নাথৰ বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰিব পৰা নাই।যদি কোনো সদাশয় লোকে সন্ধান পায় তেন্তে ধিং আৰক্ষী থানা নাইবা ৰাজু মণি নাথৰ ককায়েকৰ (৬০০২৮৫৬৯৮০)নম্বৰত যোগাযোগ কৰিবলৈ মাতৃ মৰমী দেবীয়ে কাতৰ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
