ইম্ফল, ২৫ অক্টোবৰ (হি.স.)। মণিপুৰত বিগত ২৪ ঘণ্টাত সংঘৰ্ষজৰ্জৰ ৰাজ্যখনৰ বিভিন্ন স্থানত আৰম্ভ কৰা পৃথক অনুসন্ধান অভিযানত নিৰাপত্তাৰক্ষীয়ে হেণ্ড গ্ৰেনেড, অত্যাধুনিক ৰাইফল, লাথোড বোমা, লেণ্ডমাইন, কন্দুৱা গেছৰ শেল আদিকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে। ৰাজ্যখনৰ
কাংপোকপি, বিষ্ণুপুৰ, কাকচিং, থৌবাল আৰু চুৰাচান্দপুৰ জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অনুসন্ধান অভিযান চলাইছিল। অভিযানৰ সময়ত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সামগ্ৰ উদ্ধাৰ কৰা হয়।
আৰক্ষীয়ে সদৰি কৰামতে, কাংপকপি জিলাৰ লেইমাখং আৰক্ষী থানাৰ অন্তৰ্গত চম্পাইৰ পৰা তিনিটা অস্ত্ৰ (মেগাজিন-০১ থকা এছ এল আৰ, ১২টা ব’ৰ কান্ট্ৰী মেড এছ বি বি এল -০২), ২০ টা) গোলাবাৰুদ (১২টা ব’ৰ ৰাউণ্ড-২০), ১৫ টা কন্দুৱা গেছৰ শ্বেল আৰু এটা ৪০ মি.মি লাথোড গান আৰু পাঁচটা পম্পি গান উদ্ধাৰ হৈছে।
বিষ্ণুপুৰ জিলাৰ কুম্বি আৰক্ষী থানাৰ অন্তৰ্গত গেলবুং গাঁৱৰ পৰা দুটা অস্ত্ৰ (এ১(এবি) ৰাইফল-০১, জি৩ ৰাইফল-০১), ৫১টা বিস্ফোৰক (এইচ ই হেণ্ড গ্ৰেনেড- ৩২ নং, ২ ইঞ্চি (দ্বৈত) মৰ্টাৰ শ্বেল – ০৪ টা, হাতেৰে নিৰ্মিত লেণ্ডমাইন বোমা- ১১ নং, ডব্লিউ পি ধোঁৱা বোমা – ০৪টা), ২০ টা টিউব লঞ্চাৰ, আৰ্মিং ৰিং – ২০ টা, ডিটনেটৰ/ ফিউজ – দুটা আৰু এটা বি পি জেকেট উদ্ধাৰ কৰা হৈছে।
কাকচিং জিলাৰ ৱাংগু আৰক্ষী থানাৰ অন্তৰ্গত ৱাংগু লাইফুমৰ পৰা ১৩টা অস্ত্ৰ (এ কে ৪৭-০১টা, এছ এল আৰ-০৫টা, পইন্ট ৩০৩ মডিফাইড ৰাইফল-এটা, ইনছাছ ৰাইফল-এটা, পইন্ট ৩০৩ ৰাইফল -তিনিটা, এছ বি বি এল-দুটা), ছটা গোলাবাৰুদ (বেলিষ্টিক কাৰ্টিজ- ০৬টা), ১৬ টা বিস্ফোৰক (এইচই হেণ্ড গ্ৰেণেড ১১টা, চীনত নিৰ্মিত হেণ্ড গ্ৰেণেড এটা, ডব্লিউপি গ্ৰেন এম.কে.-I তিনিটা, স্থানীয় নিৰ্মিত পাইপ বোমা এটা ) সহ সামান্য পৰিমাণৰ সন্দেহযুক্ত পিইকেৰ লগতে ফিউজ , ১৫টা গ্ৰেনেড লঞ্চিং টিউব, ডিটোনেটৰ – ছটা, ডিটোনেটৰ বক্স- দুটা, বেলিষ্টিক কাৰ্ট্ৰিজ – ছটা, ১২ বোৰৰ খালী কেছ –তিনিটা, ৰিক্ত একে -47 মেগজিন এটা, ৰিক্ত ইনচাছ ৰাইফল মেগজিন এটা, ৰিক্ত পইন্ট ৩০৩ ৰাইফল মেগজিন চাৰিটা, ৰিক্ত এছ এল আৰ ৰাইফল মেগজিন – ০৫টা, এটা বি পি ভেষ্ট আৰু দুটা ৱাকি টকী (বাওফেং) উদ্ধাৰ কৰা হৈছে।
ইফালে চুৰাচান্দপুৰ জিলাৰ সিংঘাট আৰক্ষী থানাৰ অধীনৰ লামজাঙৰ পৰা এটা অস্ত্ৰ (১২ ব’ৰ চিংগল বেৰেল ৰাইফল), চাৰিটা বিস্ফোৰক, এটা ৪০ মিমি স্থানীয় নিৰ্মিত গ্ৰেনেড লঞ্চাৰ আৰু এটা ৪০ মিমি গ্ৰেনেড লঞ্চাৰ (কন্দুৱা গেছ বন্দুক) উদ্ধাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
