
নগাঁও, ২৫ অক্টোবৰ (হি.স.): সমগ্ৰ ৰাজ্যৰ লগতে ধিং নগৰতো উদযাপন কৰা হৈছে বিজয়া দশমী। ধিং নগৰৰ প্ৰতিখন পূজা মণ্ডপ সমিতিয়ে উল্লাস, ঢোল, ফটকা, নৃত্য প্ৰদৰ্শনেৰে ধিং তলিবৰ ঘাটত যোৱাকালি সন্ধিয়া দুৰ্গা মূৰ্তি বিসৰ্জন কৰে। প্ৰতিমা বিসৰ্জনৰ উপলক্ষ্য়ত দৰ্শনাৰ্থীৰ ভিৰ দেখা গৈছে ধিং তলিবৰ ঘাটত।
ইফালে মা দুৰ্গাৰ প্রতিমা চাবলৈ অহা দৰ্শনাৰ্থীৰ মাজত বিভিন্ন সংগঠনে খোৱাপানী বিতৰণ কৰাও পৰিলক্ষিত হয়।প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ অধীনত ধিং তলিবৰ ঘাটত দুৰ্গা বিসৰ্জন কৰা হৈছে।
ধিং নগৰত কোনো অশুভ ঘটনা ৰোধ কৰিবলৈ ধিং নগৰৰ প্ৰতিটো পইণ্টত আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল। শান্তি-শৃংখলা বজাই ৰাখি ধিং নগৰৰ প্ৰতিটো পূজা মণ্ডপৰ দুৰ্গা প্ৰতিমা ধিং তলিবৰ ঘাটত বিসর্জন দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
