নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। ভাৰতে ইন্টিগ্ৰেটেড এয়াৰ ডিফেন্স ৱেপন চিষ্টেম (আই এ ডব্লিউ এছ) সফলতাৰে পৰীক্ষা কৰি এক বৃহৎ সাফল্য অৰ্জন কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ই ২৩ আগষ্টৰ দুপৰীয়া প্ৰায় ১২.৩০ বজাত ওড়িশাৰ উপকূলৰ ওচৰত আইএডব্লিউএছৰ সফলতাৰে পৰীক্ষা কৰিছিল।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে এক্স-পোষ্টত ডি আৰ ডি অ’ক এই সফল পৰীক্ষাৰ বাবে অভিনন্দন জনায় আৰু লিখিছে যে ই দেশৰ বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ক্ষমতা প্ৰতিষ্ঠা কৰিছে। ই শত্ৰুৰ আকাশী ভাবুকিৰ বিৰুদ্ধে আঞ্চলিক নিৰাপত্তা আৰু অধিক শক্তিশালী কৰিব।
আইএডব্লিউএছ হৈছে বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। য’ত আছে বহুতো থলুৱা ক্ষেপণাস্ত্ৰ আৰু শক্তিশালী লেজাৰ অস্ত্ৰ। এই ব্যৱস্থাই শত্ৰুৰ যুঁজাৰু বিমান, ড্ৰোন আক্ৰমণ, হেলিকপ্টাৰ আক্ৰমণকে ধৰি প্ৰতিটো ধৰণৰ বিমান আক্ৰমণ নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হোৱাই নহয়, আকাশত শত্ৰুৰ অস্ত্ৰ-শস্ত্ৰকো বিনাশ কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
