– ভাৰতৰ সীমান্তৱৰ্তী চহৰ ৰক্সাউলত সৰ্বসাধাৰণ লোকক সতৰ্ক বাণী
কাঠমাণ্ডু, ২৪ আগষ্ট (হি.স.)। ভাৰতৰ সীমান্তৱৰ্তী চহৰ বীৰগঞ্জত কলেৰা সংক্ৰমণ বিয়পি পৰিছে। যোৱা ২৪ ঘণ্টাত কলেৰা সংক্ৰমণৰ বাবে কমেও তিনিজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে শতাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। নেপালৰ গেটৱে হিচাপে বিখ্যাত বীৰগঞ্জত কলেৰা সংক্ৰমণৰ সংক্ৰমণৰ বাবে দেওবাৰে চিকিৎসালয়ত ৰোগীৰ সংখ্যা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে।
বীৰগঞ্জৰ মেয়ৰ ৰাজেশমান সিঙে নিশ্চিত কৰিছে যে এই ৰোগত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৱা ১২ ঘণ্টাত ২০০ৰো অধিক ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। দেওবাৰে বীৰগঞ্জৰ সাংসদ তথা কেন্দ্ৰীয় খোৱাপানী মন্ত্ৰী প্ৰদীপ যাদৱে সংক্ৰমিত অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কয় যে তেওঁ স্বাস্থ্যৰ দল এটা লৈ ইয়ালৈ আহিছে যাতে পানীৰ নমুনা সংগ্ৰহ কৰি যাতে পানীয়েই কলেৰা বিয়পি পৰাৰ উৎস নেকি সেইটো জানিব পাৰে। তেওঁ বীৰগঞ্জৰ সকলো চিকিৎসালয় পৰিদৰ্শন কৰি কলেৰাত আক্ৰান্ত ৰোগীক সাক্ষাৎ কৰে।
বীৰগঞ্জৰ আশে-পাশে থকা অঞ্চল আৰু সীমান্তৱৰ্তী ভাৰতৰ ৰক্সাউল চহৰতো স্বাস্থ্য বিষয়াসকলে সাধাৰণ জনতাক সতৰ্ক কৰি দিয়াৰ লগতে চিকিৎসালয়সমূহো হাই এলাৰ্টত ৰখা হৈছে। বীৰগঞ্জৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক ডাঃ নীৰজ সিঙে কয় যে ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে ইয়াত বিচনাৰ নাটনি হৈছে।
স্বাস্থ্যমন্ত্ৰী প্ৰদীপ পৌডেলেও দেওবাৰে সন্ধিয়া বীৰগঞ্জত উপস্থিত হৈ তাত পৰিস্থিতিৰ বুজ লয়। বীৰগঞ্জৰ সকলো চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীৰ ছুটী বাতিল কৰাৰ লগতে ব্যক্তিগত চিকিৎসালয়সমূহো ষ্টেণ্ডবাই ৰখাৰ নিৰ্দেশ দিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
