গংগাইকোণ্ডা চোলপুৰম (আৰিয়ালুৰ), ২৭ জুলাই (হি.স.)। তামিলনাডুলৈ দুদিনীয়া ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগাইকোণ্ডা চোলপুৰম ত্ৰিৱলী উৎসৱত অংশগ্ৰহণ কৰে আৰু ৰাজেন্দ্ৰ চোলৰ প্ৰতিচ্ছবি থকা এটা মুদ্ৰা জাৰি কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তামিলনাডুত ঐতিহাসিক চোল সম্ৰাট ৰাজেন্দ্ৰ চোল প্ৰথমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ সন্মানত এক বিশেষ স্মৃতি মুদ্ৰা মুকলি কৰে। সম্ৰাটৰ মহান অৱদান আৰু ভাৰতৰ গৌৰৱময় ইতিহাসক সন্মান জনোৱাৰ উদ্দেশ্যে এই মুদ্ৰা মুকলি কৰা হৈছে।
এই বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সম্ৰাট ৰাজেন্দ্ৰ চোলৰ অৱদানক স্মৰণ কৰি কয় যে ৰাজেন্দ্ৰ চোল কেৱল তামিলনাডুতে নহয়, সমগ্ৰ ভাৰতৰ কৌশলগত আৰু সাংস্কৃতিক ইতিহাসতো এক মহান শাসক হিচাপে পৰিগণিত হৈছে।
দৰাচলতে আৰিয়ালুৰ জিলাৰ গংগাইকোণ্ডা চোলপুৰম বৃহদেশ্বৰ মন্দিৰ চৌহদত কেন্দ্ৰীয় সংস্কৃতি বিভাগৰ উদ্যোগত আদি তিৰুপতিৰায় উৎসৱ, ৰাজেন্দ্ৰ চোলাৰ জন্ম বাৰ্ষিকী, গংগাইকোণ্ড চোলাপুৰম বৃহদেশ্বৰ মন্দিৰ নিৰ্মাণৰ ১০০০ বছৰীয়া জয়ন্তী আৰু দক্ষিণ-পূব এছিয়ান দেশসমূহ আগ্ৰাসনৰ ১০০০ বছৰীয়া জয়ন্তী নামেৰে এক বৃহৎ ত্ৰিৱলী উৎসৱৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানৰ সময়ত ইলেয়াৰাজাই আধ্যাত্মিক অনুষ্ঠান উপস্থাপন কৰে। প্রথমে ‘নান কদৱুল’ ছবিৰ ‘ওম শিভোহম’ গীতটো বজাইছিল, যিটো গীত প্রধানমন্ত্রীয়ে হাত চাপৰি বজাই উপভোগ কৰিছিল৷
সম্ৰাট ৰাজেন্দ্ৰ চোলৰ প্ৰতিচ্ছবি থকা এটা মুদ্ৰা মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে তামিল ভাষাত বনাকম চোলামণ্ডলম বুলি ভাষণ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে তিৰুভাষকাৰ নমাচিৱায়া বঝগা নাথান থিত বঝগা গীত গাই অনুষ্ঠানৰ ভাষণৰ আৰম্ভণি কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
