নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছে। এক্স হেণ্ডেলত জাৰি কৰা শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৪ চনে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সমৃদ্ধি, শান্তি আৰু সুস্বাস্থ্য ।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াইও তেওঁৰ এক্স হেণ্ডেলত থকা লোকসকলক ২০২৪ চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছে আৰু তেওঁলোকৰ সুখ আৰু সমৃদ্ধিৰ কামনা কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
