বাক্সা, ২৭ জুলাই (হি.স.)। বড়ো অবড়ো ৰাজনীতিত বিশ্বাস নকৰে বিধায়ক ভূপেন বড়োৱে। দিহিৰা সমষ্টি এইবাৰ ইউ পি পি এলৰ দখললৈ আহিব বুলি মন্তব্য বিধায়ক বড়োৰ। ৬২ নং বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে আজি মেদাঘাটত কেইবাটাও আঁচনি উদ্বোধন কৰি এই মন্তব্য কৰে। বিধায়ক পুজিৰ পৰা মেদাঘাট আঞ্চলিক বড়ো সাহিত্য সভাৰ ভৱন নিৰ্মাণ, মেদাঘাট প্ৰাথমিক চিকিৎসালয়ৰ সীমাৰ পকী বেৰ, মেদাঘাট শিৱ মন্দিৰ আৰু বাথৌ মন্দিৰৰ সীমাৰ পকী বেৰ নিৰ্মাণ কৰি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
বিধায়ক গৰাকীয়ে আগন্তুক দুৰ্গা পূজাৰ পিছতে সমষ্টিটোৰ কেইবাখনো গাওৰ বাবে আৱণ্টন হোৱা ২৫ টাকৈ পথ পকীকৰণ কৰিব বুলি কয়। ইয়াৰোপৰি অসম মালাৰ অধীনত নতুনকৈ মেৰকুছিৰ পৰা বাগান পাৰালৈ ১৫ কি:মি: পথৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে। সমান্তৰাল ভাবে অতি কম দিনৰ ১০ শিক্ষানুষ্ঠানৰ ঘৰ মেৰামতি, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭ কোটি টকাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি কয় বিধায়ক গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
