নতুন দিল্লী, ২৪ জুন (হি.স.)। দেশৰ দুই মহান আধ্যাত্মিক আৰু নৈতিক নেতা শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন আজিৰ পৰা আৰম্ভ হ’ব। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা প্রায় ১১ বজাত ৰাষ্ট্রীয় ৰাজধানী নতুন দিল্লীৰ বিজ্ঞান ভৱনত উদ্বোধনী অনুষ্ঠান উদ্বোধনৰ সমান্তৰালকৈ সমাৱেশত ভাষণ দিব৷ ভাৰত চৰকাৰৰ প্ৰেছ এণ্ড ইনফৰ্মেশ্যন অফিচে (পি আই বি) কাৰ্যসূচীৰ প্ৰাকক্ষণত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে দলৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী মোদীৰ এই কাৰ্যসূচীৰ চিত্ৰকল্পও এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
পিআইবিৰ বিবৃতি অনুসৰি এই ঐতিহাসিক কথা-বতৰা ১৯২৫ চনৰ ১২ মাৰ্চত মহাত্মা গান্ধীৰ ভ্ৰমণৰ সময়ত শিৱগিৰি মঠত সংঘটিত হৈছিল। ইয়াত বৈকম সত্যগ্ৰহ, ধৰ্মান্তৰকৰণ, অহিংসা, অস্পৃশ্যতা নিৰ্মূল, মোক্ষ লাভ, দলিত উত্থান আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। শ্রী নাৰায়ণ ধৰ্ম সংঘ ন্যাসৰ তত্বাৱধানত আয়োজিত এই মতাদৰ্শগত মহা কুম্ভত আধ্যাত্মিক গুৰু আৰু অন্যান্য সদস্যসকলে অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰা হৈছে। তেওঁলোক সকলোৱে ভাৰতৰ সামাজিক আৰু নৈতিক তন্ত্ৰ গঢ় দিয়া দূৰদৰ্শী আলোচনাৰ ওপৰত বিবেচনা কৰিব। এই ধাৰণাসমূহ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সমৰ্থিত সামাজিক ন্যায়, ঐক্য আৰু আধ্যাত্মিক সম্প্ৰীতিৰ ভাগ-বতৰা দৃষ্টিভংগীৰ প্ৰতি এক গুৰুত্বপূৰ্ণ শ্ৰদ্ধাঞ্জলি হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
