
ৰিয়াধ/দোহা, ২৪ জুন (হি.স.)। কাটাৰৰ আল-উদেইদ সামৰিক ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে ছৌদি আৰবে। ছৌদি আৰৱৰ বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় আইন আৰু সু-চুবুৰীয়া সম্পৰ্কৰ নীতিৰ গুৰুতৰ উলংঘা।
বিবৃতিটোত কোৱা হৈছে যে, ইৰাণৰ এই প্ৰতিশোধমূলক আক্ৰমণক ৰাজ্যখনে তীব্ৰ গৰিহণা দিছে আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় আইনৰ স্পষ্ট উলংঘা বুলি গণ্য কৰিছে। এই আক্ৰমণ আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ বাবে এক গুৰুতৰ ভাবুকি।
ছৌদি আৰবে লগতে স্পষ্ট কৰি দিছে যে কাটাৰৰ সৈতে সম্পূৰ্ণ সংহতিৰে থিয় দিছে আৰু “কাটাৰে ভাতৃত্ববোধৰ মনোভাৱেৰে লোৱা প্ৰতিটো পদক্ষেপতে সম্পূৰ্ণৰূপে সমৰ্থন কৰিব।”
আমেৰিকাই পাৰমাণৱিক ঘাটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰানে কাটাৰত থকা আমেৰিকাৰ ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সময়ত চৌদি আৰৱৰ এই বক্তব্য প্ৰকাশ পাইছে। এই আক্ৰমণ কাটাৰৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰতিহত কৰিছিল। যদিও এই আক্ৰমণত কোনো লোকৰ প্ৰাণহানি হোৱা নাই, তথাপিও ইয়াৰ ফলত উপসাগৰীয় অঞ্চলত উত্তেজনা বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
