• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ১৩ আগষ্টঃ ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসৰ সোণালী অধ্যায়
National

ইতিহাসৰ পৃষ্ঠাত ১৩ আগষ্টঃ ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসৰ সোণালী অধ্যায়

CliQ INDIA
Last updated: August 12, 2025 4:31 pm
CliQ INDIA
Share
5 Min Read
SHARE

ভাৰতৰ বিমান উদ্যোগৰ বাবে আজি এক ঐতিহাসিক তাৎপৰ্যপূৰ্ণ দিন। ১৯৫১ চনৰ ১৩ আগষ্টত প্ৰথমখন থলুৱাভাৱে নিৰ্মিত বিমান ‘হিন্দুস্তান ট্ৰেইনাৰ-২’ই প্ৰথম উৰণ কৰি ইতিহাস ৰচনা কৰে।

এই দুজনীয়া বিমানখন হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ অভিযান্ত্ৰিক সামৰ্থ্য আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক ডাঙৰ পদক্ষেপ আছিল। ১৯৫৩ চনৰ পৰা ভাৰতীয় বায়ুসেনা আৰু নৌসেনাৰ বাবে ইয়াৰ উৎপাদন আৰম্ভ হৈছিল। স্বাধীনতাৰ মাত্ৰ কেইবছৰমান পিছতে থলুৱা ডিজাইনৰ ওপৰত ভিত্তি কৰি এখন বিমান নিৰ্মাণ কৰাটো সেই যুগত দেশৰ বাবে গৌৰৱৰ বিষয় আছিল।

‘হিন্দুস্তান ট্ৰেইনাৰ-২’ সামৰিক প্ৰশিক্ষণৰ লগতে দেশৰ বিভিন্ন বিমান বিদ্যালয়ত পাইলট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই সাফল্যই ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰাই নহয়, ভৱিষ্যতৰ বিমান উন্নয়নৰ ভেটিও হৈ পৰিল।

মুখ্য ঘটনাৱলী :

১৭৮৪ – ভাৰতৰ প্ৰশাসনিক সংস্কাৰৰ বাবে পিটছ ইণ্ডিয়া বিল ব্ৰিটিছ সংসদত উত্থাপন কৰা হয়।

১৮৯২ – বাল্টিমোৰৰ পৰা আমেৰিকাৰ বাতৰি কাকত “এফ্ৰো’-আমেৰিকান” প্ৰকাশ আৰম্ভ হয়।

১৯০২ – ইংলেণ্ডে অষ্ট্ৰেলিয়াক এটা উইকেটত পৰাস্ত কৰি অ’ভালত বিখ্যাত জয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

১৯১৩ – ইংলেণ্ডৰ হেৰী ব্ৰেয়াৰলি, শ্বেফিল্ডে ষ্টেইনলেছ ষ্টীলৰ আৱিষ্কাৰ কৰে।

১৯৫১ – আজিৰ দিনটোতে ভাৰতত নিৰ্মিত প্ৰথম বিমান হিন্দুস্তান ট্ৰেইনাৰ ২ য়ে প্ৰথম উৰণ কৰে।

১৯৫৪ – আজিৰ দিনটোতে পাকিস্তানৰ জাতীয় সংগীত ‘কৌমী তৰানা’ৰ সম্পূৰ্ণ সংস্কৰণ প্ৰথমবাৰৰ বাবে ৰেডিঅ’ পাকিস্তানত সম্প্ৰচাৰ কৰা হয়।

১৯৫৬ – লোকসভাত ৰাষ্ট্ৰীয় ঘাইপথ বিধেয়ক গৃহীত হয়।

১৯৭৭ – মহাকাশ শাটলৰ প্ৰথম গ্লাইড পৰীক্ষা কৰা হয়।

১৯৯৩ – ৱাশ্বিংটনত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত শান্তি চুক্তি সমাপ্ত হয়।

১৯৯৩ – থাইলেণ্ডৰ নাখন ৰাটচাচিমাত এখন হোটেল ভাঙি ১১৪ জন লোকৰ মৃত্যু হয়।

১৯৯৪ – জেনেভাত পাৰমাণৱিক নিৰস্ত্ৰকৰণ সন্দৰ্ভত আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত ঐতিহাসিক চুক্তি।

১৯৯৯ – বাংলাদেশ চৰকাৰে লেখিকা তছলিমা নাছৰিনৰ নতুন গ্ৰন্থ ‘আমাৰ মায়েবেলা’ (মোৰ শৈশৱ) নিষিদ্ধ কৰে।

১৯৯৯ – ষ্টেফি গ্ৰাফে টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰে।

২০০০ – ৰ’নাল্ড ভেনিচিয়ানক চুৰিনামৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হয়।

২০০২ – ইণ্টাৰপলে নেপালৰ ৮টা মাওবাদী সন্ত্ৰাসবাদীক তালাচীৰ বাবে ‘ৰেড কৰ্ণাৰ’ জাননী জাৰি কৰে।

২০০৪ – গ্ৰীক সভ্যতাৰ প্ৰদৰ্শনীৰ জৰিয়তে অলিম্পিক আৰম্ভ হয়।

২০০৪ – গ্ৰীচৰ এথেন্সত ২৮ সংখ্যক অলিম্পিক গেমছ আৰম্ভ হয়।

২০০৫ – শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী লক্ষ্মণ কাদিৰ্গমাৰক হত্যা কৰা হয় আৰু তাৰ পিছত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়।

২০০৮ – বিশ্বৰ আগশাৰীৰ তীখা কোম্পানী টাটা ষ্টীলে ভিয়েটনামৰ দুটা প্ৰধান কোম্পানীৰ সৈতে যৌথভাৱে তাত এটা তীখা কমপ্লেক্স নিৰ্মাণৰ বাবে চুক্তিবদ্ধ হয়।

২০০৮ – ভাৰতে বহু বেৰেল ৰকেট লঞ্চাৰ (এমবিআৰএল) ৱেপন চিষ্টেম পিনাকাক সফলতাৰে পৰীক্ষা কৰে।

২০০৮ – বিখ্যাত অৰ্ধবিজ্ঞানী তথা ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ চক্ৰৱৰ্তী সংঘৰজন ৰাজ্যসভালৈ মনোনীত হয়।

২০১২ – লণ্ডনত ৩০ সংখ্যক অলিম্পিক গেমছৰ সামৰণি পৰে।

২০১৫ – ইৰাকৰ বাগদাদত এখন ট্ৰাকত বোমা বিস্ফোৰণত ৭৬ জন লোক নিহত হোৱাৰ লগতে ২১২ জন আহত হয়।

জন্ম :

১৮৪৮ – ৰমেশ চন্দ্ৰ দত্ত – ইংৰাজী আৰু বাংলা ভাষাৰ বিখ্যাত সাহিত্যিক।

১৮৬৩ – আজিৰ দিনটোতে গংগা প্ৰসাদ বৰ্মা – বিখ্যাত ৰাজনীতিবিদ।

১৮৮৭ – আজিৰ দিনটোতে নৰেন্দ্ৰ মোহন সেন – ভাৰতৰ বিখ্যাত বিপ্লৱী।

১৯৩৩ – মধুৰ জাফ্ৰি – ভাৰতীয় অভিনেত্ৰী, খাদ্য আৰু ভ্ৰমণ সাহিত্যিক।

১৯৩৬ – বৈজয়ন্তী মালা – ভাৰতীয় চিনেমাৰ প্ৰখ্যাত অভিনেত্ৰী।

১৯৫২ – যোগীতা বালি – হিন্দী চিনেমাৰ অভিনেত্ৰী।

১৯৬১ – সুনীল শ্বেট্টী – ভাৰতীয় অভিনেতা, প্ৰযোজক।

১৯৬৩ – শ্ৰীদেৱী – ভাৰতীয় চিনেমাৰ বিখ্যাত অভিনেত্ৰী।

১৯৬৮ – আজিৰ দিনটোতে অস্বতী থিৰুণাল ৰাম বৰ্মা – ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ তথা ট্ৰাভাংকুৰৰ পূৰ্বৰ ৰাজপৰিয়ালৰ সদস্য।

১৯৮৪ – উষা নেগিছেট্টী – ভাৰতীয় মহিলা বক্সাৰ।

২০০০ – সাত্বিক ছাইৰাজ ৰংকীৰেড্ডী – কমনৱেলথ গেমছ ২০২২ত চিৰাগ শ্বেট্টীৰ সৈতে পুৰুষৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় বেডমিণ্টন খেলুৱৈ।

মৃত্যু:

১৭৯৫ – আজিৰ দিনটোতে অহিল্যাবাই হোলকাৰ – ভাৰতৰ অন্যতম সাহসী মহিলা।

১৯১০ – ফ্লৰেন্স নাইটিংগেল – এগৰাকী নাৰ্ছ আৰু আধুনিক নাৰ্চিং আন্দোলনৰ প্ৰতিষ্ঠাপক।

১৯৩৬ – ভিকাজী কামা – বিখ্যাত ভাৰতীয় মহিলা বিপ্লৱী।

২০০৩ – ভবেন্দ্ৰ নাথ শইকীয়া – ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ পৰিচালক।

২০১৮ – সোমনাথ চেটাৰ্জী – বিখ্যাত ৰাজনীতিবিদ আৰু ‘ভাৰত কমিউনিষ্ট পাৰ্টি’ৰ অন্যতম বিশিষ্ট নেতা।

গুৰুত্বপূৰ্ণ দিন-

বিশ্ব অংগদান দিৱস

আন্তঃৰাষ্ট্ৰীয় বাওঁপন্থী দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কেন্দ্ৰীয় মন্ত্ৰী শ্বাহৰ আজি জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ
প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেনত ইতিহাস ৰচনা কৰে
চৰকাৰে ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পোৰেশ্যনত OFS-ৰ জৰিয়তে ৪% লৈকে অংশীদাৰিত্ব ₹১০৪ ফ্লোৰ মূল্যত বিক্ৰী কৰিব
ভাৰত-ব্ৰিটেইনৰ উচ্চ পৰ্যায়ৰ বাৰ্তাত প্ৰযুক্তি, শিক্ষা, আৰু বিনিয়োগকে ধৰি ১২টা বিষয়ত একমতত উপনীত
আজি দিল্লীত বি এছ এল গ্ল’বেল আউটৰিচ ছামিট, অংশ ল’ব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাৰ টেক্সাছত টাৰ্গেট কোম্পানীৰ ষ্ট’ৰৰ বাহিৰত গুলীচালনাত নিহত তিনিজন লোক
Next Article গোসাইগাঁৱৰ মথামবিল অঞ্চলত বানপানী – HindusthanSamachar Assamese
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?