ৱাশ্বিংটন, ১২ আগষ্ট (হি.স.)। আমেৰিকাৰ দ্বিতীয় বৃহত্তম ৰাজ্য টেক্সাছৰ অষ্টিনত টাৰ্গেট কোম্পানীৰ ষ্ট’ৰৰ বাহিৰত সোমবাৰে বিয়লি সংঘটিত হোৱা গুলীচালনাত শিশুসহ তিনিজন লোক নিহত হয়। এই গুলীচালনাত আন এজন ব্যক্তি সামান্যভাৱে আহত হয়। সন্দেহযুক্ত অভিযুক্তক পলায়ন কৰাৰ পিছতে আৰক্ষীয়ে এটা স্থানত গ্ৰেপ্তাৰ কৰে। এই তথ্য অষ্টিন আৰক্ষীয়ে দিছে।
এনবিচি নিউজ আৰু দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি অষ্টিনৰ আৰক্ষী অধীক্ষক লিজা ডেভিছে কয় যে আৰক্ষীয়ে গুলীচালনাৰ তথ্য লাভ কৰে দুপৰীয়া ২:১৫ বজাত। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বিষয়াসকলে ষ্ট’ৰৰ পাৰ্কিং লটত তিনিজন লোকক তেজৰে তুমুৰুলি অৱস্থাত উদ্ধাৰ কৰে। ডেভিছে কয় যে গ্ৰেপ্তাৰ হোৱা সন্দেহযুক্ত হত্যাকাৰীৰ বয়স প্ৰায় ৩২ বছৰ।
তেওঁ কয় যে ৰক্তপাতৰ পিছত পাৰ্কিং লটৰ পৰা কাৰোবাৰ গাড়ী চুৰি কৰি পলায়ন কৰে সন্দেহজনক লোকজনে। পলায়নৰ খৰখেদাকৈ তেওঁ এটা দুৰ্ঘটনাৰ সন্মুখীন হ’ল। তাৰ পিছত আন এখন গাড়ী লুটপাত কৰি পলাবলৈ চেষ্টা কৰে। খেদি খেদি যোৱা পুলিচে অভিযুক্তক কৰায়ত্ত কৰে। আৰক্ষী অধীক্ষকে কয়, “অষ্টিনৰ বাবে এইটো এটা দুখৰ দিন।”
আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে পাৰ্কিং লটত তেজৰে তিমুৰলি এজন প্ৰাপ্তবয়স্ক আৰু শিশুক থিতাতে মৃত ঘোষণা কৰা হয়। আনজন প্ৰাপ্তবয়স্কজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ে তেওঁক মৃত ঘোষণা কৰে। সংবাদমেলত তেওঁ কয় যে এই মুহূৰ্তত সন্দেহজনক লোকজনৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। তেওঁ মানসিক বিষণ্ণতাত ভুগি আছে। তেওঁৰ গুলীচালনাৰ আঁৰৰ উদ্দেশ্যৰ তদন্ত চলি আছে।
অষ্টিন আৰক্ষী অধীক্ষক লিজা ডেভিছে জনোৱা মতে, তিনিদিন পূৰ্বে এজন ৩০ বছৰীয়া যুৱকে চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ আটলাণ্টাৰ মুখ্য কাৰ্যালয়ত গুলীচালনা কৰিছিল। এই গুলীচালনাত এজন আৰক্ষী বিষয়া নিহত হয়। ইয়াৰ পিছতে আক্ৰমণকাৰী বন্দুকধাৰীয়ে আত্মহত্যা কৰে। যোৱা মাহত নিউয়ৰ্কত এজন বন্দুকধাৰীয়ে মিডটাউন মানহাটানৰ এটা কাৰ্যালয় ভৱনত প্ৰৱেশ কৰি চাৰিজন লোকক গুলীয়াই হত্যা কৰিছিল।
অষ্টিনৰ মেয়ৰ কাৰ্ক ৱাটছনে এক্সত ভুক্তভোগী পৰিয়ালসমূহৰ প্ৰতি শোক প্ৰকাশ কৰিছে । তেওঁ কয়, মোৰ সমবেদনা ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি। মই মাত্ৰ ক’ম যে এইটো বন্দুকৰ হিংসাৰ এক ঘৃণনীয় আৰু কাপুৰুষালি কাৰ্য্য।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
