নতুন দিল্লী, ২৫ ডিছেম্বৰ (হি.স.)। আজি মহামান্য পণ্ডিত মদন মোহন মালৱ্যৰ ১৬২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে তেওঁৰ সন্মানাৰ্থে বিজ্ঞান ভৱনত আয়োজন কৰা এক মৰ্যাদাপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বাধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ‘পণ্ডিত মদন মোহন মালৱ্যৰ সংকলিত ৰচনা’ৰ ১১টা খণ্ডৰ প্ৰথম শৃংখলাও মুকলি কৰিব। এই তথ্য পিআইবিৰ বিজ্ঞপ্তিত দিয়া হৈছে।
পিআইবিৰ তথ্য অনুসৰি এই কাৰ্যসূচী বিজ্ঞান ভৱনত সন্ধিয়া প্ৰায় ৪:৩০ বজাত অনুষ্ঠিত হ’ব। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। বিবৃতিটোত কোৱা হৈছে যে ‘অমৃত কাল’ৰ সময়ত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী হৈছে ৰাষ্ট্ৰৰ সেৱাত অমূল্য অৱদান আগবঢ়োৱা স্বাধীনতা সংগ্ৰামীসকলক যথাযথ সন্মান প্ৰদান কৰা। ‘পণ্ডিত মদন মোহন মালৱ্যৰ সংকলিত ৰচনা’ৰ উন্মোচন এই দিশত এক গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় প্ৰচেষ্টা।
মহামান্য মালৱ্যৰ এই দ্বিভাষিক গ্ৰন্থসমূহ (ইংৰাজী আৰু হিন্দী) প্ৰায় ৪,০০০ পৃষ্ঠাৰ ১১টা খণ্ডত সংকলিত। এই সম্পূৰ্ণ খণ্ডত পণ্ডিত মদন মোহন মালৱ্যৰ প্ৰবন্ধ আৰু ভাষণ সংগ্ৰহ কৰা হৈছে। এই কঠিন আৰু বিৰল কামটো বিশিষ্ট সাংবাদিক ৰাম বাহাদুৰ ৰায়ৰ নেতৃত্বত মহামান্য মালৱ্য মিছনে সম্পন্ন কৰিছিল। বিশেষত্ব হ’ল মিছনৰ নিষ্ঠাবান দলটোৱে পণ্ডিত মদন মোহন মালৱ্যৰ মৌলিক সাহিত্যৰ ওপৰত ভাষা আৰু পাঠ্যৰ কোনো পৰিৱৰ্তন নকৰাকৈ উৎকৃষ্ট কাম কৰিছে।
মহামান্যক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰি বিজেপিয়ে লিখিছে – ‘ৰাষ্ট্ৰীয়তাবাদৰ অটল সমৰ্থক, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক, মহান স্বাধীনতা সংগ্ৰামী তথা শিক্ষাবিদ, ‘ভাৰত ৰত্ন’ পণ্ডিত মদন মোহন মালৱ্যৰ জন্ম বাৰ্ষিকীত শতাধিক শ্ৰদ্ধাঞ্জলি।’ তেওঁৰ এই গুণক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লিখিছে – ‘এজন ব্যক্তিয়ে ৰাষ্ট্ৰ, সংস্কৃতি আৰু যুৱক-যুৱতীৰ উন্নত ভৱিষ্যতৰ বাবে কেনেদৰে নিজৰ জীৱন উৎসৰ্গা কৰিব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন হৈছে মদন মোহন মালৱ্য। তেওঁ বিশ্বাস কৰিছিল যে যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ মূল্যবোধৰ বীজ সিঁচিলেহে শক্তিশালী ৰাষ্ট্ৰ গঢ়া সম্ভৱ। ভাৰত ৰত্ন পণ্ডিত মদন মোহন মালৱ্যৰ জন্ম বাৰ্ষিকীত কোটি কোটি শ্ৰদ্ধাঞ্জলি।’ মহামান্যক স্মৰণ কৰি বিজেপিৰ সভাপতি জে পি নড্ডাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
