নতুন দিল্লী, ১৯ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা ৯:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন-২০২৩ৰ গ্ৰেণ্ড ফিনালেৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়েও এই অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰিব। এই তথ্য পিআইবিৰ বিজ্ঞপ্তিত দিয়া হৈছে।
পিআইবিৰ এক বিবৃতি অনুসৰি স্মাৰ্ট ইণ্ডিয়া হেকাথন হৈছে প্ৰধানমন্ত্ৰীৰ যুৱ-নেতৃত্বাধীন উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি দেশজোৰা পদক্ষেপ। ইয়াৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী মন্ত্ৰালয় আৰু বিভাগ, উদ্যোগ আৰু অন্যান্য সংগঠনৰ গুৰুতৰ সমস্যা সমাধানৰ বাবে এক মঞ্চ প্ৰদান কৰা হয়।
২০১৭ চনত আৰম্ভ হোৱা স্মাৰ্ট ইণ্ডিয়া হেকাথনে যুৱ উদ্ভাৱকৰ মাজত অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। যোৱা পাঁচটা সংস্কৰণত প্ৰতিষ্ঠিত ষ্টাৰ্টআপৰ পৰা বিভিন্ন খণ্ডত বহুতো উদ্ভাৱনীমূলক সমাধানৰ উন্মেষ ঘটিছে। এইবাৰ আজিৰ পৰা আৰম্ভ হোৱা গ্ৰেণ্ড ফিনালেৰ সামৰণি পৰিব ২৩ ডিছেম্বৰত।
প্ৰকাশ পোৱা তথ্য অনুসৰি স্মাৰ্ট ইণ্ডিয়া হেকাথন-২০২৩ত ৪৪ হাজাৰ দলৰ পৰা ৫০ হাজাৰৰো অধিক চৰ্চা লাভ কৰা হৈছে। এইটো আগৰ তুলনাত প্ৰায় সাতগুণ বেছি। সমগ্ৰ দেশৰ ৪৮টা ন’ডেল চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফিনালেত ১২ হাজাৰতকৈ অধিক অংশগ্ৰহণকাৰী আৰু ২৫০০ৰো অধিক পৰামৰ্শদাতা আৰু গুৰুসকলে অংশগ্ৰহণ কৰিব। মহাকাশ প্ৰযুক্তি, স্মাৰ্ট শিক্ষা, দুৰ্যোগ ব্যৱস্থাপনা, ৰবটিক্স আৰু ড্ৰ’ন, ঐতিহ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়বস্তুৰ সমাধানৰ বাবে চলিত বৰ্ষৰ গ্ৰেণ্ড ফিনালেৰ বাবে মুঠ ১২৮২ টা দল নিৰ্বাচিত কৰা হৈছে।
এই দলসমূহে ২৫টা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ ৫১টা বিভাগৰ পৰা ২৩১টা সমস্যাৰ বিবৃতি (১৭৬টা চফটৱেৰ আৰু ৫৫টা হাৰ্ডৱেৰ)ৰ সমাধান প্ৰদান কৰিব। স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ মুঠ পুৰস্কাৰ ধন ২ কোটিতকৈও অধিক। প্ৰতিটো বিজয়ী দলক প্ৰতিটো সমস্যাৰ বিবৃতিত ১ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
