বেইজিং, ১৯ ডিছেম্বৰ (হি.স.)। সোমবাৰে নিশা প্ৰায় ১২ বজাত চীনত সংঘটিত হোৱা প্ৰবল ভূমিকম্পৰ ফলত ১১১ জন লোকে প্ৰাণ হেৰুৱাইছে। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৬.২ বুলি জোখা হৈছে। চীন ভূমিকম্প নেটৱৰ্ক চেণ্টাৰৰ মতে, প্ৰবল কম্পন সংঘটিত হোৱাৰ লগে লগে ৰাইজৰ মাজত আতংক বিয়পি পৰে।
চীনৰ চৰকাৰী বাতৰি কাকত গ্ল’বেল টাইমছৰ তথ্য অনুসৰি উত্তৰ-পশ্চিম চীনৰ গানছু প্ৰদেশত এই ভূমিকম্পৰ ফলত এতিয়ালৈকে ১০০ জন লোকৰ মৃত্যু হৈছে আৰু কিংহাই প্ৰদেশত ১১ জন লোকৰ মৃত্যু হৈছে। দেশৰ ব্লু স্কাই ৰেচকিউ টিমে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। কাকতখনে প্ৰকাশ কৰা অনুসৰি, গানছু প্ৰদেশৰ জিশিশান কাউন্টিত ৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত গণছু স্বাস্থ্য বিভাগে ৩৩খন এম্বুলেন্স আৰু অন্যান্য পেছাদাৰী বাহনৰ লগতে ১৭৩ গৰাকী চিকিৎসা কৰ্মীক সেই স্থানলৈ প্ৰেৰণ কৰে।
ইয়াৰ উপৰিও কিংহাই প্ৰদেশে ৬৮খন এম্বুলেন্স আৰু ৪০ জনতকৈ অধিক প্ৰাদেশিক আৰু পৌৰসভা বিশেষজ্ঞক ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান চলাবলৈ প্ৰেৰণ কৰে। আজি (মঙলবাৰ) পুৱা ৬:৩০ বজালৈকে ক্ষতিগ্ৰস্ত অঞ্চলত ৩০০ৰো অধিক আহত লোকক চিকিৎসা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগেও ততাতৈয়াকৈ চিকিৎসা জৰুৰীকালীন সঁহাৰি বাহিনী প্ৰেৰণ কৰে। ভূমিকম্পৰ ফলত কিংহাই প্ৰদেশৰ হাইডংত বৃহৎ ক্ষতিসাধন হয়। বৰ্তমান ইয়াত সৰ্বনিম্ন উষ্ণতা মাইনাছ ১২ ডিগ্ৰী চেলছিয়াছৰ তলত। তীব্ৰ ঠাণ্ডাৰ মাজত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। জিক্সিছান কাউন্টিৰ পৰা হাইডং অঞ্চল প্ৰায় ২০ কিলোমিটাৰ দূৰত।
গ্ল’বেল টাইমছৰ মতে, এই ভূমিকম্পই ২০১০ চনৰ স্মৃতিৰ কথা মনত পেলাই দিছে। ২০১০ চনত গনছু প্ৰদেশত সৰ্বোচ্চ ৬.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পত ১০০ জন লোকৰ মৃত্যু হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
