গুৱাহাটী, ০৩ নৱেম্বৰ (হি.স.)। চুবুৰীয়া দেশ ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে আজি (শুকুৰবাৰে) তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ’ব। প্ৰথম দিনাই গুৱাহাটীৰ এখন হোটেলত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৌজন্য সাক্ষাৎ কৰিব ভূটানৰ ৰজাই।
শুকুৰবাৰে বিয়লি বিশেষ বিমানেৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শীৰ্ষ বিষয়াসকলৰ সৈতে উপস্থিত হ’ব ভূটান ৰজা । ইয়াৰ পিছত তেওঁ প্ৰথমে কামাখ্যা মন্দিৰলৈ যাব। ভূটানৰ ৰজাৰ সন্মানত আজি গুৱাহাটীৰ প্ৰশাসনিক বিষয়া মহাবিদ্যালয়ত এক নৈশ ভোজৰ আয়োজন কৰা হ’ব।
কাইলৈ শনিবাৰে ভূটান ৰজাই ৰাজ্যখনত অধ্যয়ন কৰা ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব। সেইদিনা ভূটান ৰজাই উজনি অসম ভ্ৰমণ কৰিব। তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ লগতে নিশা কাজিৰঙাত বিশেষভাৱে আয়োজিত সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰিব।
উল্লেখ্য যে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে আঠ দিনীয়া কাৰ্যসূচীৰে ০৩ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণ কৰিব। তেওঁৰ সৈতে ভূটানৰ ৰয়েল চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকিব। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে তেওঁৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব। ভূটানৰ ৰজাক সাক্ষাৎ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ভাৰত চৰকাৰৰ উচ্চপদস্থ বিষয়াই। ভূটানৰ ৰজাই প্ৰথমতে অসম ভ্ৰমণৰ পাছত নতুন দিল্লীত উপস্থিত হোৱাৰ লগতে মহাৰাষ্ট্ৰ ৰাজ্যও ভ্ৰমণ কৰিব।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ/অৰবিন্দ
