ইটানগৰ, ২২ জানুৱাৰী(হি.স.)। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ দেশতে উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাংটো দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক পৰিৱেশ।
অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত আজি জয় শ্ৰীৰাম ধ্বনিৰে বিশাল ৰেলী ৰাম ভক্তৰ। এই ৰেলীত সহস্ৰাধিকৰো অধিক ভক্তপ্ৰাণ লোকৰ অংশগ্ৰহণ। এই শোভাযাত্ৰাত ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰি জয় শ্ৰীৰাম ধ্বনিৰে সমগ্ৰ অৰুণাচল প্ৰদেশৰ খাৰচাং মুখৰিত কৰি তোলে ৷ খাৰচাং শিৱ মন্দিৰৰ পৰা বাহিৰ কৰা বিশাল শোভাযাত্ৰাত পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
