কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া অসম ভ্ৰমণৰ বাবে শুকুৰবাৰে নিশা অসমত উপস্থিত হয়। এই ভ্ৰমণৰ অংশস্বৰূপে তেওঁ অসম, মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাত তেওঁ লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন, বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক সন্মিলন, আছাম ৰাইফলছৰ অনুষ্ঠান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত উপস্থিত থাকিব।
BulletsIn
- শুকুৰবাৰে নিশা সেনাৰ বিমানযোগে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হয় অমিত শ্বাহ।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়।
- শনিবাৰে (১৫ মাৰ্চ) দেৰগাঁৱত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব।
- একাডেমীৰ নতুন প্ৰশাসনিক ভৱনৰ উদ্বোধন আৰু প্ৰশিক্ষাৰ্থীৰ বাবে হোস্টেলৰ আধাৰশিলা স্থাপন কৰিব।
- দেৰগাঁৱত এখন বৃহৎ জনসভা সম্বোধন কৰিব।
- ইয়াৰ পিছতে তেওঁ মিজোৰামলৈ গৈ জোখোৱাছাঙত আছাম ৰাইফলছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
- একেদিনাই গুৱাহাটীলৈ উভতি আহিব।
- দেওবাৰে (১৬ মাৰ্চ) কোকৰাঝাৰত সদৌ বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশ ল’ব।
- সন্ধিয়া গুৱাহাটীলৈ আহি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব।
- নিশা গুৱাহাটী ছেৰি দিল্লীলৈ ৰাওনা হ’ব।
