ইম্ফল,৩০ জানুৱাৰী : মণিপুৰত ১৩ কোটি টকাৰ ৯০ হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। মনিপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন তথ্যৰ ভিত্তিত মনিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যৌথ অভিযান চলাই ৯০ হাজাৰ নিচা জাতীয় টেবলেট জব্দ কৰিব সক্ষম হৈছে।
জিৰিবাম-তামেংলং জিলাৰ সীমান্তৰ ফাইটোল গাঁৱত অভিযান চলাই জব্দ কৰে এই বুজন পৰিমাণৰ টেবলেট খিনি। জব্দ কৰা টেবলেটৰ ওজন ৪.৫৪০ কিলোগ্ৰাম। আন্তৰ্জাতিক বজাৰত জব্দকৃত এই টেবলেট খিনিৰ মুল্য প্ৰায় ১৩ কোটি টকা হব বুলি দাবী কৰিছে অসম ৰাইফলছে। টেবলেট সমুহ ম্যানমাৰৰ পৰা মনিপুৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। এই সংক্ৰান্তত টৌচেম থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।
