২০২৫ চনৰ মে মাহত, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে দিল্লীত আয়োজিত এখন কাৰ্যসূচীত দেশৰ প্ৰথমটো জিন’ম সম্পাদিত ধানৰ দুটা নতুন জাত উন্মোচন কৰে। এই সফলতাৰ সৈতে ভাৰত বিশ্বৰ প্ৰথমখন এনে দেশ হিচাপে পৰিগণিত হৈছে, যিয়ে জিন’ম সম্পাদনা প্ৰযুক্তিৰে ধানৰ উন্নত জাত বিকাশ কৰিছে। এই উন্নয়নে কৃষিক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিলে আৰু দেশৰ খাদ্য সুৰক্ষা আৰু পৰিবেশ-সন্মত কৃষিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
BulletsIn
-
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে দিল্লীত দেশৰ প্ৰথমটো জিন’ম সম্পাদিত ধানৰ দুটা জাত উন্মোচন কৰে।
-
এই জাতসমূহৰ নাম হৈছে – ডি আৰ আৰ ধান ১০০ (কমলা) আৰু পুছা ডি এছ টি ৰাইচ ১।
-
এই উন্নয়নেৰে ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে যিয়ে এনে জাত সফলভাৱে বিকাশ কৰিছে।
-
উক্ত কাৰ্যসূচীত আইচিআৰ (ICAR) ৰ বিজ্ঞানী আৰু বহু সংখ্যক কৃষকে অংশগ্ৰহণ কৰে।
-
মন্ত্ৰীগৰাকীয়ে বিজ্ঞানীসকলক তেওঁলোকৰ গৱেষণাত্মক অৱদানৰ বাবে সম্বৰ্ধনা জনায়।
-
এই ধান জাতসমূহ জিন’ম সম্পাদনা প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে, যিয়ে ১৯% উৎপাদন বৃদ্ধিত সহায় কৰিব।
-
এই জাতৰ ব্যৱহাৰে পানীৰ অপচয় কমাই জলসিঞ্চনৰ ক্ষেত্ৰত সহায় কৰে আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰে।
-
কমলা জাতটো সোনকালে পকি যায় আৰু মজবুত কাণ্ডৰ বাবে নপৰে; পুছা ডি এছ টি ৰাইচ ১ লৱণ আৰু ক্ষাৰযুক্ত মাটিতো ভাল ফল দিয়ে।
-
এই ধান জাতসমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাবে উপযোগী বুলি বিবেচিত।
-
চৰকাৰে ২০২৩-২৪ চনৰ বাজেটত জিন’ম সম্পাদনাৰ গৱেষণাৰ বাবে ৫০০ কোটি টকা ৰ্থিক সহায় প্ৰদান কৰিছে।
