
নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। তামিলনাডুত ১৯ বা ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পথ সঞ্চালন বাহিৰ কৰিব পাৰিব। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে তামিলনাডু চৰকাৰক কোনো ধৰণৰ সকাহ দিয়া নাই উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত বিচাৰপীঠে কয় যে আৰ এছ এছে ৩ দিনৰ ভিতৰত প্ৰস্তাৱিত পথ পৰিকল্পনা প্ৰশাসনক দাখিল কৰিব লাগে। ১৬ নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত ল’ব লাগে।
তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে আৰ এছ এছক এই পদযাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । শুনানিৰ সময়ত তামিলনাডু চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তা ছিবালে কৈছিল যে উচ্চ ন্যায়ালয়ে সিদ্ধান্ত লৈছে যে কোনবোৰ ঠাইত পথ সঞ্চালনৰ অনুমতি দিব লাগে। এইটো সম্পূৰ্ণ ক্ষতিকাৰক। তামিলনাডু চৰকাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু ইয়াৰ মাদুৰাই বিচাৰপীঠৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে, য’ত উচ্চ ন্যায়ালয়ে আৰএছএছক অনুমতি বিচৰা ঠাইত এই পদযাত্ৰা কৰিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিছে।
হিন্দুস্থান সমাচাৰ/সঞ্জয়/মনোজ/অৰবিন্দ
