শিমলা, ২৪ জুলাই (হি.স.)। বৃহস্পতিবাৰে পুৱা মাণ্ডী জিলাৰ সৰকাঘাট মহকুমাৰ মাছেৰাণৰ সমীপৰ তৰংগলাত হিমাচল পথ পৰিবহণ নিগমৰ এখন বাছ নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পথাৰত বাগৰি পৰে। ইয়াৰ ফলত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো আহত হৈছে। আহত দুজনৰ অৱস্থা সংকটজনক। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী উপস্থিত আছিল।
ঘটনাস্থলীত উপস্থিত হৈছে সৰকাঘাট থানা আৰু সৰকাঘাটৰ ডিএছপি সঞ্জীৱ গৌতমৰ দল। একে সময়তে স্থানীয় গাঁওবাসীয়েও উদ্ধাৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এম্বুলেন্সৰ সহায়ত আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে সৰকাঘাট চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন ১৬ বছৰীয়া যুৱকৰ। ইয়াৰ বাহিৰেও চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, ৰাতিপুৱা বাছখন যাত্ৰীসহ সৰকাঘাট অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখন পথাৰত বাগৰি পৰাৰ পিছত তাত থকা মানুহবোৰ ইফালে সিফালে বাগৰি পৰে। স্থানীয় লোকে লগে লগে সেই স্থানত উপস্থিত হৈ আহতসকলক উলিয়াই আনি প্ৰশাসনক খবৰ দিয়ে।
দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ, সেয়া বাছখনৰ কাৰিকৰী দোষ হওক বা চালকৰ কোনো ভুল হওক, বিতং তদন্তৰ পিছতহে স্পষ্ট হ’ব। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সৈতে জড়িত প্ৰতিটো দিশৰ তদন্ত কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
