

শিমলা, ০৮ অক্টোবৰ (হি.স.)। হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এক ভয়ংকৰ বাছ দুৰ্ঘটনাই বহু পৰিয়াললৈ অমানিশা নমাই আনে। ঝাণ্ডুটা মহকুমাৰ ভল্লু দলঙৰ সমীপৰ এটা পাহাৰৰ পৰা হোৱা ব্যাপক ভূমিস্খলনে হঠাতে মৰোতমৰ পৰা ঘুমাৰউইনলৈ যোৱা ব্যক্তিগত বাছ সন্তোছিখন বোকা আৰু শিলৰ বিশাল স্তূপৰ মাজত আৱদ্ধ হয়। এই মৰ্মান্তিক দুৰ্ঘটনাত ষোল্লজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ধ্বংসাৱশেষৰ পৰা দুটা নিৰীহ শিশুক জীৱন্তে উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰী দলে আজি পুৱা সংঘটিত দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা আঠ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ১৮ জন লোক আছিল। সেইদিনা সন্ধিয়া ধাৰাসাৰ বৰষুণৰ মাজতে খহি পৰা ধ্বংসাৱশেষ আৰু মানুহৰ কান্দোনৰ শব্দই সমগ্ৰ অঞ্চলটো কঁপাই তুলিছিল। স্থানীয় লোকে প্ৰথমে ঘটনাস্থলীত উপস্থিত হৈ আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ চেষ্টা চলায়। কিছু সময়ৰ পিছতে আৰক্ষী, প্ৰশাসন, আৰু এন ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰষুণৰ মাজতো গোটেই নিশাটো অভিযান চলি থাকিল আৰু বুধবাৰে পুৱালৈকে ধ্বংসাৱশেষৰ পৰা আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। এন ডি আৰ এফৰ জোৱানসকলে এতিয়াও স্নিফাৰ কুকুৰৰ সহায়ত নিৰুদ্দেশ হোৱা শিশুটিৰ সন্ধানত অব্যাহত আছে।
এই দুৰ্ঘটনাত দুটা সৰু ল’ৰা-ছোৱালীৰ জীয়াই থকাটো এক অলৌকিকতাৰ পৰা কম নহয়। ধ্বংসাৱশেষৰ পৰা ৮ বছৰীয়া শৌৰ্য্য আৰু তেওঁৰ ১০ বছৰীয়া ভগ্নী আয়ুষীক জীৱিত অৱস্থাত উলিয়াই অনাত সকলোৰে চকুলো সেমেকি উঠিল। কিন্তু দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনাত তেওঁলোকৰ মাতৃ কমলেশ কুমাৰী (৩৬)ৰ মৃত্যু হয়। সম্প্ৰতি দুয়োটা শিশুক এইমছ বিলাসপুৰত ভৰ্তি কৰোৱা হৈছে আৰু বিপদৰ পৰা মুক্ত হোৱাৰ খবৰ পোৱা গৈছে।
ঘুমাৰউইনৰ ডি এছ পি বিশাল বৰ্মাই জনোৱা মতে, নিহতসকলৰ ভিতৰত ৯ জন পুৰুষ, ৪ জন মহিলা, আৰু ৩ জন শিশু আছে। জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ঝাণ্ডুটা বাসিন্দা শ্বৰীফ খান (২৫), ৰজনীশ কুমাৰ (৩৬), চুন্নী লাল (৫২), বাক্ষী ৰাম (৪২), অঞ্জনা (২৯) আৰু তেওঁৰ পুত্ৰ ৰাকেশ (৭) আৰু আৰৱ (৪), কমলেশ কুমাৰী (৩৬), ঘূমাৰউইন বাসিন্দা ৰাজীৱ (৪০), নৰেন্দ্ৰ (৫২), কান্ত দেৱী (৫১), নাইনা দেৱীৰ বাসিন্দা কৃষ্ণ লাল (৩০), কালোলৰ বাসিন্দা প্ৰবীণ (৪০), আৰু হামিৰপুৰ জিলাৰ বৰছাৰ নিবাসী সঞ্জীৱ কুমাৰ (৩৫) আৰু বিমলা দেৱী (৩৫) নামৰ এহাল দম্পতী। দম্পতীহালৰ ৮ বছৰীয়া পুত্ৰ ৰাহুলৰো মৃত্যু হয়।
ইফালে, বিলাসপুৰৰ উপ আয়ুক্ত ৰাহুল কুমাৰে কালিৰে পৰা পৰিয়ালৰ সদস্য নিৰুদ্দেশ হোৱা বুলি বিশ্বাস কৰা লোকসকলক তৎকালীনভাৱে +৯১ ৯৮১৬৮ ৩৩১৩৭ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ০১৯৭৮-২২৪৯০১ আৰু ৯৪৫৯৪-৫৭০৬১ নম্বৰ নম্বৰতো তথ্য প্ৰদান কৰিব পাৰিব।
স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, কেইবাদিনো ধৰি পাহাৰটোত ভূমিস্খলনৰ ভাবুকি আহি পৰিছে। ৰাইজে প্ৰশাসনক সকীয়াই দিছিল যদিও কোনো সুনিৰ্দিষ্ট ব্যৱস্থা লোৱা নহ’ল। দুদিন ধৰি ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে অৱশেষত ঢিলা মাটি খহি নিমিষতে কেইবাটাও পৰিয়াললৈ অমানিশা নমাই আনিলে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।
হিমাচলত ভূমিস্খলন সম্পৰ্কীয় দুৰ্ঘটনা নতুন নহয়, কিন্তু এই বিলাসপুৰ ট্ৰেজেডীয়ে কিন্নাউৰৰ নিগুলছাৰী আৰু মাণ্ডীৰ কোটৰুপিৰ দৰে কৰুণ দুৰ্ঘটনাৰ স্মৃতি ঘূৰাই আনে, যেতিয়া চলন্ত বাছবোৰ ধ্বংসাৱশেষত খুন্দা মাৰি কেইবা ডজন যাত্ৰীৰ মৃত্যু হয়। সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত থাকিলেও এই বিলাসপুৰ দুৰ্ঘটনা ৰাজ্যৰ ইতিহাসত আন এক হৃদয়বিদাৰক ট্ৰেজেডীত পৰিণত হৈছে, বহু ঘৰৰ বন্তি চিৰদিনৰ বাবে নুমুাই গৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
