-হাৰ্ভাৰ্ডৰ পুঁজিৰ গোচৰত তাৎক্ষণিক ৰায় দিবলৈ অস্বীকাৰ কৰে ন্যায়াধীশে
ৱাশ্বিংটন, ২২ জুলাই (হি.স.)। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পুঁজিৰ সৈতে জড়িত গোচৰৰ শুনানি শেষ হোৱাৰ লগে লগে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গোচৰৰ শুনানি গ্ৰহণ কৰা ফেডাৰেল ন্যায়াধীশ এলিছন বাৰ’ছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া চাইট ট্ৰুথ ছ’চিয়েলত লিখিছে, “এলিছন বাৰ’ছ হৈছে এক ‘সম্পূৰ্ণ দুৰ্যোগ’(টোটেল ডিজাষ্টাৰ), মই তেওঁৰ সিদ্ধান্ত নুশুনাকৈয়ে এই কথা কৈছো।”
ট্ৰাম্পে অভিযোগ কৰে যে তেওঁ হাৰ্ভাৰ্ড সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত “প্ৰণালীবদ্ধভাৱে নিয়ন্ত্ৰণ” লৈছে আৰু তেওঁ “আমাৰ দেশৰ জনসাধাৰণৰ বাবে পৰাজয়ৰ নিশ্চয়তা”। তেওঁ আৰু লিখিছে যে হাৰ্ভাৰ্ডৰ বেংকত ৫২ বিলিয়ন ডলাৰ আছে, তথাপিও এই প্ৰতিষ্ঠানটো যিহুদী বিৰোধী, খ্ৰীষ্টান বিৰোধী আৰু আমেৰিকা বিৰোধী। উল্লেখ্য যে জজ বাৰ’ছক প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই নিযুক্তি দিছিল।
এই মন্তব্য এনে এটা সময়ত কৰা হৈছে যেতিয়া হাৰ্ভাৰ্ডৰ অধিবক্তাই ফেডাৰেল আদালতত ২.৬ বিলিয়ন ডলাৰৰ পুঁজি কৰ্তনৰ বিৰুদ্ধে ট্ৰাম্প প্ৰশাসনক প্ৰত্যাহ্বান জনাইছিল। শৈক্ষিক স্বাধীনতাক প্ৰভাৱিত কৰিবলৈ চৰকাৰে পুঁজিক হেঁচা প্ৰয়োগৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিশ্ববিদ্যালয়খনে।
দৰাচলতে সোমবাৰে আমেৰিকাৰ জিলা ন্যায়াধীশ এলিছন বাৰ’ছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে পুঁজি কৰ্তন পুনৰ ঘূৰাই অনাৰ বাবে কৰা আবেদনৰ সন্দৰ্ভত কোনো তাৎক্ষণিক সিদ্ধান্ত নিদিলে। আদালতত মৌখিক শুনানিৰ পিছত ন্যায়াধীশ বাৰ’ছে কয় যে তেওঁ বিষয়টো বিচাৰধীন কৰি ৰাখিব আৰু পিছত লিখিতভাৱে সিদ্ধান্ত জাৰি কৰিব।
উল্লেখযোগ্য যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে ২.৬ বিলিয়ন ডলাৰৰ পুঁজি কৰ্তনক আদালতত প্ৰত্যাহ্বান জনাইছে। বিশ্ববিদ্যালয়খনৰ অভিযোগ যে ট্ৰাম্প প্ৰশাসনে শৈক্ষিক স্বাধীনতাৰ ওপৰত হেঁচা প্ৰয়োগৰ বাবে ধনক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
