নতুন দিল্লী, ২৩ জুলাই (হি.স.)। বাংলাদেশত সংঘটিত সামৰিক বিমান দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে ভাৰতে ঢাকালৈ প্ৰেৰণ কৰিবলৈ ওলাইছে বিশেষজ্ঞ চিকিৎসক আৰু নাৰ্ছৰ এটা দল। যোৱা ২১ জুলাইত বাংলাদেশ বায়ুসেনাৰ চীনত নিৰ্মিত প্ৰশিক্ষক যুদ্ধ বিমান এখন ঢাকাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ অট্টালিকাত দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ৩১ জন লোকৰ মৃত্যু হয়। দুখৰ বিষয় যে মৃতসকলৰ অধিকাংশৰ ভিতৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীও আছে।
মঙলবাৰে নিশা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, প্ৰয়োজনীয় চিকিৎসা সাহায্যৰ লগতে ‘বাৰ্ন স্পেচিয়েলিষ্ট ডাক্তৰ আৰু নাৰ্ছৰ এটা দল অতি সোনকালে বাংলাদেশৰ ঢাকালৈ গৈ ভুক্তভোগীৰ চিকিৎসা কৰিব। বাৰ্ন-স্পেচিয়েলিষ্ট চিকিৎসকৰ দলটোৱে ৰোগীসকলৰ অৱস্থাৰ বুজ ল’ব আৰু প্ৰয়োজন সাপেক্ষে ভাৰতত অধিক চিকিৎসা আৰু বিশেষ যত্নৰ পৰামৰ্শ দিব। তথ্য অনুসৰি ঢাকালৈ যোৱা দলটোত আছে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতাল আৰু ছফদাৰজং হাস্পতালৰ চিকিৎসক।
সোমবাৰে বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষক যুঁজাৰু বিমান এফ-৭ বিজিআইৰ উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰী দোষৰ সৃষ্টি হয় আৰু ঢাকাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ অট্টালিকাৰ সৈতে সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৩১ জন হোৱাৰ বিপৰীতে ১৬৫ জন আহত লোকক ঢাকাৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বাংলাদেশৰ আগশাৰীৰ বাতৰি কাকত প্ৰথম আলোৰ মতে, দুৰ্ঘটনাৰ পিছত মঙলবাৰে বৃহৎ সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰি মৃতকৰ সঠিক তথ্য ৰাজহুৱা কৰাৰ লগতে বায়ুসেনাই ব্যৱহাৰ কৰি থকা পুৰণি আৰু অসুৰক্ষিত প্ৰশিক্ষক যুদ্ধ বিমানসমূহ তৎকালীনভাৱে আঁতৰাই পেলোৱাৰ দাবী জনায়। এই ভয়ংকৰ ঘটনাক লৈ মানুহ ইমানেই ক্ষুব্ধ যে যেতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাজনে সেই স্থান পৰিদৰ্শন কৰিবলৈ আহিছিল, তেতিয়া মানুহে তেওঁক ঘেৰি ধৰিছিল। পিছত এই বিষয়াসকলে বিদ্যালয় ভৱনত আশ্ৰয় ল’বলগীয়া হয় আৰু তীব্ৰ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে নিৰাপদে খালী কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
