নতুন দিল্লী, ২১ ডিছেম্বৰ (হি.স.)। ৰাজ্যসভাই বৃহস্পতিবাৰে টেলিকম খণ্ডৰ সংস্কাৰৰ সৈতে জড়িত বিধেয়কখন ধ্বনি ভোটৰ জৰিয়তে গৃহীত কৰে। কালি লোকসভাই এই বিধেয়কখন গৃহীত কৰিছিল। ইয়াৰ লগে লগে ভাৰতীয় টেলিকম বিল ২০২৩ য়ে সংসদৰ অনুমোদন লাভ কৰে।
আইনত পৰিণত হোৱাৰ পিছত এই বিধেয়কখনে ১৮৮৫ চনৰ ভাৰতীয় টেলিগ্ৰাফ আইন, ১৯৩৩ চনৰ ভাৰতীয় বেতাঁৰ টেলিগ্ৰাফী আইন আৰু ১৯৫০ চনৰ টেলিগ্ৰাফ তাঁৰ (অবৈধ দখল) আইনখনৰ ঠাই ল’ব।
আজি ৰাজ্যসভাত আলোচনাৰ বাবে বিধেয়কখন উত্থাপন কৰে টেলিকম মন্ত্ৰী অশ্বনী বৈষ্ণৱে। পিছত আলোচনাৰ উত্তৰ দি তেওঁ কয় যে আজি দেশৰ টেলিকম খণ্ডই অসুবিধা আৰু কেলেংকাৰী অতিক্ৰম কৰি নতুন জিলিকনি বিয়পাইছে। এই জিলিকনি বৃদ্ধি আৰু সংস্কাৰ সম্প্ৰসাৰণৰ বাবে এই বিধেয়কখন অনা হৈছে। এটা সময়ত টেলিকমৰ দৰে পবিত্ৰ সম্পদ এটা অন্ধকাৰ কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
বিধেয়কখনত অনা বিধানৰ কিছু পইণ্টকে ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াক গ্ৰাহককেন্দ্ৰিক কৰি তোলা হৈছে। ডিজিটেল আন্তঃগাঁথনি সম্প্ৰসাৰণ, স্পেকট্ৰমৰ সঠিক ব্যৱহাৰ, অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়া সৰল কৰা, চাইবাৰ সুৰক্ষা শক্তিশালী কৰা, গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰ কৰা আৰু দেশত উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
তেওঁ কয় যে মোবাইল জালিয়াতি বন্ধ কৰিবলৈ এতিয়া ভুলকৈ চিম লোৱা, একেটা বাকচৰ পৰা একাধিক চিম ব্যৱহাৰ কৰা, আন কাৰোবাৰ চিম বা নম্বৰ ব্যৱহাৰ কৰাৰ বাবে তিনি বছৰৰ কাৰাদণ্ড আৰু ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। লগতে অনলাইন অভিযোগ নিৰাময় ব্যৱস্থা গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে।
বৈষ্ণৱে কয় যে বিধেয়কখনত অনুজ্ঞাপত্ৰ লাভৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলা হৈছে। এতিয়া কেইটামান বিষয়ৰ বাহিৰে কেৱল নিলামৰ জৰিয়তেহে স্পেকট্ৰম দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় কম্পাঙ্ক আবণ্টন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ডিজিটেল ডিজাইনৰ ভিত্তিত চাৰি স্তৰৰ বিবাদ নিষ্পত্তি ব্যৱস্থা সৃষ্টি কৰা হ’ব। তেওঁ ইয়াত স্পষ্ট কৰি দিয়ে যে ইন্টাৰচেপচন সম্পৰ্কীয় বিধান সলনি কৰা হোৱা নাই।
তেওঁ কয় যে বিধেয়কখনত ডিজিটেল ইণ্ডিয়া ফাণ্ডৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰযুক্তিৰ বিকাশ হ’ব। নিয়ন্ত্ৰণ ভিত্তিক পৰীক্ষা অনুজ্ঞাপত্ৰৰ ব্যৱস্থা আছে।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে লোকসভাত দূৰসংযোগ বিধেয়ক ২০২৩ সন্দৰ্ভত আলোচনা আৰম্ভ কৰি কয় যে এই বিধেয়ক আজিৰ ভাৰতৰ ডিজিটেল যুগৰ এক ডাঙৰ প্ৰচাৰক। ১৮৮৫ চনৰ ঔপনিৱেশিক বিধেয়ক ভাৰতীয় টেলিগ্ৰাফ আইন বাতিল কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আজিৰ ভাৰতৰ আকাংক্ষাৰ লগত সংগতি ৰাখি আজিৰ প্ৰয়োজন আৰু অৰ্থনীতি অনুযায়ী এক নতুন বিধেয়ক আনিছে।
বৈষ্ণৱে কয় যে বিগত সাড়ে ৯ বছৰত টেলিকম ব্যাপকভাৱে বিয়পি পৰিছে। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ দায়িত্ব লোৱাৰ সময়ত দেশত মাত্ৰ ৬.২৫ লাখ টেলিকম টাৱাৰ (বিটিএছ) আছিল, আজি ২৫ লাখৰো অধিক টেলিকম টাৱাৰ আছে। ২০১৪ চনত ব্ৰডবেণ্ড (ইণ্টাৰনেট) সেৱা গ্ৰহণ কৰা লোকৰ সংখ্যা আছিল মাত্ৰ ১.৫ কোটি, যিটো আজি ৮৫ কোটিতকৈও অধিক। ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুততম ৫জি ৰোলআউট হৈছে, মাত্ৰ ১৪ মাহৰ ভিতৰতে দেশত ৪ লাখৰো অধিক ৫জি টাৱাৰ স্থাপন কৰা হৈছে।
তেওঁ কয় যে মোডী চৰকাৰত সংস্কাৰ আৰু প্ৰক্ৰিয়াটো সৰল কৰাৰ বাবে ৮৫ শতাংশ টাৱাৰ ক্লিয়াৰেন্স (অনুমতি) এটা বুটাম টিপিলেই অৰ্থাৎ শূন্য সময়ত দিয়া হৈছে। টাৱাৰ আৰু অন্যান্য অনুমতি সন্দৰ্ভত তেওঁ কয় যে সাড়ে ৯ বছৰৰ আগতে গড়ে ২৩০ দিন সময় লাগিছিল যদিও আজি গড়ে ১০ দিনত ৰাইট অৱ ৱে লাভ কৰা হৈছে।
বৈষ্ণৱে কয় যে যোগাযোগ খণ্ড আজি এক গুৰুত্বপূৰ্ণ খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। এই খণ্ডই দেশৰ অৰ্থনীতিলৈ প্ৰচণ্ড গতি কঢ়িয়াই আনে। আজি এই খণ্ডটোক নতুন গতি প্ৰদান কৰিবলৈ এই গাঁথনিগত সংস্কাৰৰ বিধেয়কখন সদনত দাখিল কৰা হৈছে। তেওঁ কয় যে তিনিখন বিধেয়ক বাতিলৰ প্ৰস্তাৱ আছিল যদিও শেহতীয়াকৈ বাতিল আইনৰ জৰিয়তে এখন বিধেয়ক ইতিমধ্যে বাতিল কৰা হৈছে। এই সংশোধনীৰ সৈতে আলোচনাৰ বাবে দাখিল কৰা হৈছে বিধেয়কখন।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ
