ডেৰাডুন, ২১ নৱেম্বৰ (হি.স.)। উত্তৰকাশীৰ ছিলকায়ৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ নিৰাপদে উলিয়াই অনাৰ অসুবিধাৰ বাবে উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঙলবাৰে পুৱা চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰীক ফোন কৰি তাত চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ তথ্য গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনাটো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা কথা-বতৰাৰ তথ্য প্ৰদান কৰে। মুখ্যমন্ত্রীৰ মতে, আজি প্রধানমন্ত্রীয়ে পুনৰ ফোন কৰি উত্তৰকাশীৰ ছিলকায়ৰাত নির্মাণীয় সুৰংগটোত আবদ্ধ হৈ থকা শ্রমিকসকলৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ তথ্য লয় ৷
ইয়াৰ মাজতে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক জনাইছিল যে ধ্বংসাৱশেষৰ মাজেৰে ৬ ইঞ্চি ব্যাসৰ পাইপলাইন ইপাৰ সিপাৰ কৰা হৈছে৷ ইয়াৰ জৰিয়তে শ্ৰমিকসকলক খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বিষয়ে তথ্য প্ৰদান কৰা হয়। এণ্ড’স্ক’পিক ফ্লেক্সি কেমেৰাৰ সহায়ত শ্ৰমিকসকলৰ সৈতে হোৱা কথা-বতৰাৰ তথ্যও দিয়া হয়।
হিন্দুস্থান সমাচাৰ/ৰাজেশ/মনোজ
