
ডোহা, ১৯ অক্টোবৰ (হি.স)। কাটাৰৰ ৰাজধানী ডোহাত পাকিস্তান আৰু আফগানিস্তানৰ মাজত হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকত তাৎক্ষণিক যুদ্ধবিৰতি সন্দৰ্ভত সহমতত উপনীত হৈছে। পৰৱৰ্তী পৰ্যায়ত দুয়োখন দেশৰ প্ৰতিনিধিয়ে ডোহা আৰু ইছলামবাদত বৈঠকত মিলিত হৈ যুদ্ধবিৰতি কাৰ্যকৰী ৰূপায়ণৰ বিষয়ে আলোচনা কৰিব। বিগত পষেক ধৰি চলি থকা দুয়োখন দেশৰ মাজত সীমান্ত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰাত দুয়োপক্ষৰ সামৰিক জোৱান আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।
কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি কাটাৰ আৰু তুৰস্কৰ মধ্যস্থতাত পাকিস্তান আৰু আফগানিস্তানৰ মাজত হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকত তাৎক্ষণিক যুদ্ধবিৰতিত উপনীত হৈছে। কাটাৰে আশা প্ৰকাশ কৰে যে এই চুক্তিয়ে পাকিস্তান-আফগানিস্তান সীমান্তত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা হ্ৰাস কৰিব আৰু আঞ্চলিক স্থিতিশীলতা প্ৰতিষ্ঠা কৰিব।
দোহাত অনুষ্ঠিত হোৱা আলোচনাত দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গালফ নিউজৰ তথ্য অনুসৰি পাকিস্তানৰ পক্ষৰ পৰা অংশগ্ৰহণ কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মহম্মদ আছিফ আৰু চোৰাংচোৱা বিভাগৰ মুৰব্বী জেনেৰেল আছিম মালিকে। আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদৰ মতে, চোৰাংচোৱা মুৰব্বী আব্দুল হক ৱাকিককে ধৰি প্ৰতিৰক্ষা মন্ত্ৰী মুল্লাহ মহম্মদ ইয়াকুবৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আলোচনাত অংশগ্ৰহণ কৰে।
আলোচনাৰ পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে আলোচনাত আফগানিস্তানৰ পৰা সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ নিৰ্মূল কৰা আৰু সীমান্তত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। বিবৃতিটোত কাটাৰৰ মধ্যস্থতাকাৰী পদক্ষেপক প্ৰশংসা কৰি এই আলোচনাই অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা অৰ্জন কৰাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে।
প্ৰায় পষেক সপ্তাহ ধৰি চলি থকা দুয়োখন দেশৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰে যেতিয়া যুদ্ধবিৰতিৰ সময়ত বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰ নিহত হয়। আফগান চৰকাৰে দাবী কৰে যে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে। আনহাতে অভিযোগ উত্থাপন কৰি পাকিস্তানে কয় যে তেওঁ লোকে আফগান সীমান্ত অঞ্চলত চলি থকা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
