নতুন দিল্লী, ১০ আগষ্ট (হি.স.)। মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে স্বচ্ছ ভোটাৰ তালিকা অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । দেওবাৰে ৰাহুল গান্ধীয়ে মাইক্ৰ’ব্লগিং চাইট এক্সত লিখিছে, ভোট চুৰি হৈছে ‘এজন ব্যক্তি, এজন ভোট’ৰ মৌলিক ধাৰণাটোৰ ওপৰত আক্ৰমণ। মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে স্বচ্ছ ভোটাৰ তালিকা অতি প্ৰয়োজনীয়।
নিৰ্বাচন আয়োগক ৰাহুলৰ অনুৰোধ, নিৰ্বাচন আয়োগৰ ওচৰত আমাৰ দাবী স্পষ্ট – স্বচ্ছ হওক আৰু ডিজিটেল ভোটাৰ তালিকা প্ৰকাশ কৰক যাতে মানুহ আৰু দলে ইয়াৰ নিৰীক্ষণ কৰিব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
