আগ্ৰা, ২২ অক্টোবৰ (হি.স.)। মথুৰাৰ বৃন্দাবন ৰোড আৰু আঝাই ষ্টেচনৰ মাজত মঙলবাৰে নিশা এখন মালবাহী ৰে’লৰ বাৰটা ডবা লাইনচ্য়ুত হোৱাৰ ফলত উজনি তথা নামনিৰ প্ৰায় সকলো ৰে’ল লাইনত ৰে’ল যাতায়ত স্তব্ধ হৈ পৰে। ইয়াৰ ফলত কেইবাখনো ৰে’ল বাতিল বা ডাইভাৰচন কৰা হয়। মথুৰা পোৱাৰ পূৰ্বে আগ্ৰা কেণ্ট ৰেলৱে ষ্টেচনত কেইবাখনো ৰে’ল ৰখাই দিয়া হৈছিল।
মথুৰা ৰে’ল দুৰ্ঘটনাৰ পিছতে আগ্ৰা-দিল্লী ৰে’লপথৰ কেইবাখনো ৰে’ল বাতিল কৰি ডাইভাৰ্ট কৰা হৈছে। শতাব্দী আৰু বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লকে ধৰি কেইবাখনো ৰে’ল বাতিলৰ বাবে যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই পথ সলনিৰ ফলত যাত্ৰাৰ সময় কেইবা ঘণ্টা বৃদ্ধি পোৱাত যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে। দুৰ্ঘটনাস্থলীত তিনিটা আপ আৰু ডাউন লাইন বৰ্তমান যথেষ্ট প্ৰভাৱিত হৈছে। চতুৰ্থ লাইনটো ক্লিয়াৰ কৰা হৈছে, আৰু আংশিকভাৱে পুনৰ আৰম্ভ হৈছে কাৰ্য্যকলাপ।
আগ্ৰা ৰেলৱে সংমণ্ডলৰ জনসংযোগ বিষয়া প্ৰশস্তি শ্ৰীবাস্তৱে জনোৱা মতে, আগ্ৰা ৰেলৱে সংমণ্ডলৰ পালৱাল-মথুৰা অংশৰ অন্তৰ্গত বৃন্দাবন আৰু আঝাই ষ্টেচনৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। আগ্ৰাৰ পৰা প্ৰেৰণ কৰা হৈছিল সাহায্য আৰু উদ্ধাৰ ৰে’ল। আগ্ৰাৰ পৰা ৰে’লখনৰ সৈতে পঠোৱা দলটোত বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। দুৰ্ঘটনাৰ পিছত বহু ৰে’ল বাতিল কৰিবলগীয়া হৈছিল আৰু বহু ৰে’লৰ পথো সলনি কৰা হৈছিল, য’ত মূলতঃ ৬৪৯৫৮ পলৱাল আগ্ৰা কণ্ট মেইমু, ৬৪৯৫৫ আগ্ৰা কণ্ট টুণ্ডলা মেইমু, ২২৪৭০-২২৪৬৯ খজুৰাহো বন্দে ভাৰত, ১২০০২-১২০০১ শতাব্দী এক্সপ্ৰেছ, ১২২৮০-১২২৭৯ তাজ এক্সপ্ৰেছ, ২০৪৫২-২০৪৫১ ছ’গাৰিয়া ইন্টাৰচিটি ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু ১২০৫০-১২০৪৯ গাতিমান এক্সপ্ৰেছ বাতিল কৰা হৈছে।
ইফালে ১২৪৮৬ হাজুৰ চাহাব এক্সপ্ৰেছ, ১২৪৭২ স্বৰাজ এক্সপ্ৰেছ, ২০১৫৬ নতুন দিল্লী আম্বেদকাৰ নগৰ এক্সপ্ৰেছ, ১২১৭২ হৰিদ্বাৰ মুম্বাই এক্সপ্ৰেছ, ২২৪০৮ হজৰত নিজামুদ্দিন অম্বিকাপুৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ, ২২২১০ ডুৰন্টো এক্সপ্ৰেছ, ১২৭২২ ডাকশ্বিন ছুপাৰফাষ্ট এক্সপ্ৰেছ, আৰু ০১৪৯৪ পুনে ছুপাৰফাষ্ট সলনি কৰা হৈছে। কেইবাখনো ৰে’ল আংশিকভাৱে বাতিল কৰা হৈছে।
ট্ৰেক বিঘিনিৰ বাবে ছটা, ঢোলপুৰ, আগ্ৰা কেণ্ট, আদি ষ্টেচনত কেইবাখনো ৰে’ল ৰখাই দিয়া হয়। ইফালে উত্তৰ চেণ্ট্ৰেল ৰে’লৱেই পশ্চিম ৰে’লৱে আৰু পশ্চিম চেণ্ট্ৰেল ৰে’লৱে অভিমুখে যোৱা ৰে’লৰ পথ সলনি কৰিছে। ৰেৱাৰী, আলৱাৰ, জয়পুৰ, ছাৱাই মাধোপুৰ, কোটা, আৰু বিনালৈ যোৱা ৰে’লসমূহ গাজিয়াবাদ, মিতাৱালি, আগ্ৰা কেণ্ট, আৰু বিনা হৈ ডাইভাৰ্ট কৰাৰ পৰিকল্পনা কৰা হৈছে।
আনহাতে মালবাহী ৰে’ল দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও দীপাৱলী উৎসৱৰ বাবে ঘৰলৈ যোৱা আৰু উভতি অহা যাত্ৰীৰ সংখ্যা অতি বেছি। পথ সলনি আৰু ৰে’ল বাতিলৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ৰেলৱেই যাত্ৰীসকলক ধৈৰ্য্য ধৰিবলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
