ইম্ফল, ১৮ অক্টোবৰ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ কংগলেইপাক কমিউনিষ্ট পাৰ্টি (কেচিপি)ৰ বিভিন্ন ফৈদৰ অন্তৰ্গত চাৰিজন সক্ৰিয় কেডাৰ আৰু তেওঁলোকৰ সহযোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে তেওঁলোকক আশ্ৰয় দিয়াৰ অভিযোগত অভিযুক্ত এজন সাধাৰণ নাগৰিককো গ্ৰেপ্তাৰ কৰিছে। বিষ্ণুপুৰ, থৌবাল, আৰু চুৰাচান্দপুৰ জিলাত পৃথক পৃথক অভিযানৰ সময়ত এই গ্ৰেপ্তাৰ কৰা হৈছিল।
আজি মণিপুৰ আৰক্ষীয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে প্ৰথমটো অভিযানত নিৰাপত্তাৰক্ষীৰ যৌথ দলে বিষ্ণুপুৰ জিলাৰ ৬ নং নিংথৌখং খা ৱাৰ্ডৰ বাসিন্দা মইৰাংথেম শান্ত সিং (৫২) নামৰ এজন লোকক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। সিং কেচিপি (টাইবাংগনবা) ফৈদৰ সদস্যক আশ্ৰয় দিয়াৰ কামত জড়িত বুলি অভিযোগ উঠিছে।
অভিযানৰ সময়ত একেটা ফৈদৰ দুজন সক্ৰিয় কেডাৰকো তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ধৃতদ্বয় হৈছে ক্ৰমে বিষ্ণুপুৰ ৱাৰ্ড নং ৬ৰ নিংথৌজাম ৰাকেশ সিং ওৰফে লুচিংপুৰেল (২১) আৰু থৌবাল জিলাৰ খংজোম বজাৰ মানিং এলেকাৰ লাইশ্ৰম বীৰজিৎ সিং ওৰফে লাকী (৩৫) ।
প্ৰাথমিক জেৰাৰ অন্তত নিৰাপত্তা বাহিনীয়ে অনুসৰণমূলক অভিযান আৰম্ভ কৰে যাৰ ফলত চুৰাচান্দপুৰ জিলাৰ টুইবং জায়ান ভেং মামাঙৰ বাসিন্দা লাইশ্ৰম কিষাণ সিং ওৰফে পামুবা (২৩) নামৰ আন এজন সক্ৰিয় কেচিপি (টাইবুংগনবা) কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। বিষ্ণুপুৰ থানাৰ অন্তৰ্গত নচৌ পান্থোং অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক।
অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে .৩২ এম এম পিষ্টল, এটা মেগজিন আৰু পাঁচটা লাইভ কাৰ্টিজ, পাঁচটা মোবাইল ফোন, আৰু এটা চাইড বেগকে ধৰি কেইবাটাও অভিযোগনামা দাখিল কৰা সামগ্ৰী উদ্ধাৰ কৰে।
আন এক সুকীয়া ঘটনাত নিৰাপত্তা বাহিনীয়ে থৌবাল জিলাৰ খংজোম থানাৰ অন্তৰ্গত টেকচাম মায়াই লেইকাইৰ বাসিন্দা পেবাম হীৰা সিং ওৰফে লাকপা (৫০) নামৰ আন এজন সক্ৰিয় বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰে। কেচিপি (নংড্ৰেনখোম্বা) ফৈদৰ সদস্য হিচাপে তেওঁ ধন দাবী, কেডাৰ নিযুক্তি, অস্ত্ৰ-শস্ত্ৰ পৰিবহণ আদিৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছিল। তেওঁৰ পৰা জব্দ কৰা হৈছে এটা মোবাইল ফোন।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ
