• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > হিমাচলৰ ভূমিস্খলনৰ ফলত মাণ্ডী আৰু কুল্লুত বিধ্বংসী ৰূপ ধাৰণ, ৬ জনৰ মৃত্যু, ৭ টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১১৫৫ টা পথ বন্ধ
National

হিমাচলৰ ভূমিস্খলনৰ ফলত মাণ্ডী আৰু কুল্লুত বিধ্বংসী ৰূপ ধাৰণ, ৬ জনৰ মৃত্যু, ৭ টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১১৫৫ টা পথ বন্ধ

CliQ INDIA
Last updated: September 4, 2025 7:27 am
CliQ INDIA
Share
5 Min Read
SHARE

শিমলা, ০৩ ছেপ্টেম্বৰ (হি.স.)। হিমাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণৰ ফলত জনজীৱনৰ বিঘিনি ঘটিছে। আজিও ৰাজ্যৰ বহু জিলাত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান কেন্দ্ৰ শিমলাই আজি সোলান আৰু ছিৰমৌৰ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে মাণ্ডী, শিমলা, কুল্লু, উনা, হামিৰপুৰ, বিলাসপুৰ, কাংগৰা আৰু লাহাউল-স্পিটি জিলাৰ বাবে কমলা সতৰ্কতা জাৰি কৰিছে। অহা ০৪ আৰু ০৫ ছেপ্টেম্বৰত ধুমুহা আৰু বজ্ৰপাতৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ০৬ ছেপ্টেম্বৰৰ পৰা ০৯ ছেপ্টেম্বৰলৈ বৰষুণ হ’ব যদিও এই সময়ছোৱাত কোনো সতৰ্কবাণী দিয়া হোৱা নাই। বতৰ বিজ্ঞানী সন্দীপ কুমাৰে জনোৱা মতে, এইবাৰ বাৰিষাত এতিয়ালৈকে স্বাভাৱিকতকৈ ৪২ শতাংশ বেছি বৰষুণ হোৱা বুলি জানিব পৰা গৈছে।

মাণ্ডিত ভূমিস্খলনৰ ফলত মৃত্যু, কুল্লুত দুজন নিৰুদ্দেশ, শিমলাৰ চুন্নীত বিপদ বৃদ্ধি

ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী আৰু কুল্লু জিলাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। মণ্ডী জিলাৰ সুন্দৰনগৰ মহকুমাৰ কালি নিশা পাহাৰৰ পৰা ভূমিস্খলনৰ ফলত দুটা ঘৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে়, য’ত ৬ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত একেটা পৰিয়ালৰ চাৰিজন সদস্যও আছে। একে সময়তে কুল্লু চহৰৰ আখৰা বজাৰত গভীৰ নিশা ভূমিস্খলনৰ ফলত এটা ঘৰ পুতি থোৱা হয়। ধ্বংসাৱশেষত আবদ্ধ হৈ পৰে দুজন কাশ্মীৰী শ্ৰমিক আৰু ঘৰটোত বাস কৰা এজন এন ডি আৰ এফৰ জোৱান। ইয়াৰে এজন শ্ৰমিক ওলাই আহিল যদিও দুজন এতিয়াও সন্ধানহীন হৈ আছে। এন ডি আৰ এফ, আৰক্ষী আৰু হোম গাৰ্ডৰ দলে সাহায্য আৰু উদ্ধাৰৰ কাম কৰি আছে।

ৰাজধানী ছিমলাৰ চুন্নী অঞ্চলত পৰিস্থিতি ভয়াৱহ হৈ আছে। চুতলেজ নদীৰ জলপৃষ্ঠই থাল্লী দলং পোৱাৰ লগতে কালিঘাট আৰু আই টি আই এলেকাসমূহ ডুব গৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কল বান্ধ পৰিচালনাক জলস্তৰ হ্ৰাস কৰাৰ পদক্ষেপ ল’বলৈ কোৱা হৈছে। সাৱধানতা স্বৰূপে কালি দুটা পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।

মথাউৰিৰ পৰা নিৰ্গত পানী, চাম্বাত বিপদৰ চিহ্নৰ ওপৰত ৰবি নদী

বৰষুণৰ বাবে নদী-মথাউৰিৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে। বুধবাৰে ভকৰা বান্ধৰ পৰা টাৰ্বাইন আৰু বানপানীৰ গেটৰ জৰিয়তে ৬৫,০৪২ কিউচেক পানী আৰু পং বান্ধৰ পৰা ৭৯,৬৫৯ কিউচেক পানী এৰি দিয়া হৈছে। প্ৰশাসনে নিম্ন অঞ্চলত বসবাস কৰা ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। চাম্বা জিলাৰ ৰবি নৈয়ে বিপদৰ চিন অতিক্ৰম কৰিছে, যাৰ ফলত শীতলা দলঙৰ নিৰাপত্তাৰক্ষীৰ দেৱাল ভাঙি পথৰ এটা অংশ নদীত উটুৱাই লৈ যায়। কিন্নৌৰ জিলাৰ নাথপা ঝুলাৰ সমীপত ৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ পৰা শিল সৰি পৰাত বহু যান-বাহনৰ ক্ষতিসাধন হৈছে। একে সময়তে লাহাউল-স্পিটিৰ ওখ শৃংগত সামান্য বৰফ পৰিছে, যাৰ বাবে তাপমাত্ৰা কমিছে।

৭টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১১৫৫টা পথ স্তব্ধ, যাতায়ত, বিদ্যুৎ আৰু পানী যোগান ব্যাহত

ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যত স্তব্ধ হৈ পৰিছে যাতায়ত। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি বুধবাৰে পুৱালৈকে ৭টা ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১১৫৫টা পথ বন্ধ হৈ আছে। বিলাসপুৰৰ ২১ আৰু ২০৫ ৰাষ্ট্ৰীয় ঘাইপথ, কুল্লুৰ ০৩ আৰু ৩০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, কিন্নাউৰৰ ০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, লাহৌল-স্পিতিৰ ৫০৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, ছিৰমৌৰ ৭০৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মাণ্ডীৰ ০৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ। কেৱল মাণ্ডী জিলাত ২৮২ টা, শিমলাত ২৩৪ টা, কুল্লুৰ ২০৪ টা, ছিৰমৌৰত ১৩৭ টা, সোলানত ৯২ টা, কাংগৰাত ৬০ টা, লাহাউল-স্পিতিৰ ৪৮ টা আৰু বিলাসপুৰত ৩৭ টা পথ অৱৰোধ হৈ আছে।

বিদ্যুৎ আৰু খোৱাপানীৰ যোগানো বেয়াকৈ প্ৰভাৱিত হৈছে। ৰাজ্যজুৰি স্থবিৰ হৈ পৰিছে ২৪৭৭টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ আৰু ৭২০টা খোৱাপানীৰ আঁচনি। কুল্লু জিলাত ৯৫১টা, সোলানত ৫২৯টা, ছিৰমৌৰত ২৭৩টা, মাণ্ডীত ২৬৬টা, শিমলাত ২৫৮টা আৰু হামিৰপুৰত ৫৯টা ট্ৰেন্সফৰ্মাৰ বিকল হৈছে। শিমলাৰ ২৭২খন আৰু কংগ্ৰাত ২১২খন খোৱাপানীৰ আঁচনিও স্তব্ধ হৈ আছে।

গোটেই নিশা ধাৰাসাৰ বৰষুণ, বহু অঞ্চলত ধাৰাসাৰ বৰষুণৰ ৰেকৰ্ড

যোৱা নিশাৰ পৰা পুৱালৈকে সৰ্বাধিক ১৩৬ মিলিমিটাৰ বৰষুণ হৈছে বিলাসপুৰ জিলাৰ নানোদেৱীত। ইয়াৰ উপৰিও জোটত ১০০ মিলিমিটাৰ, পচহাদত ৭৭ মিলিমিটাৰ, কোঠীত ৬৮ মিলিমিটাৰ, চাম্বাত ৬৬ মিলিমিটাৰ, বিলাসপুৰত ৬০ মিলিমিটাৰ, ৰোহৰু আৰু মানালীত ৫৭ মিলিমিটাৰ, পালামপুৰত ৫২ মিলিমিটাৰ, কাছাউলিত ৫০ মিলিমিটাৰ, কন্দাঘাট আৰু দাদাহুত ৪৮ মিলিমিটাৰকৈ, সৰানত ৪৫ মিলিমিটাৰ, ছ’লানত ৪৩ মিলিমিটাৰকৈ বৰষুণ আৰু… মাইলৰাণত কহু আৰু ৪০ মি.মি. ৰাজধানী শিমলাত ৩১ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে।

বহু জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ, মৃত্যুৰ সংখ্যা ৩৪১ জন

বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি আঠখন জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হয়। মাণ্ডী, উনা আৰু কিন্নাউৰ কিছুমান মহকুমাতো বন্ধ ঘোষণা কৰা হয়। এই বাৰিষাত এতিয়ালৈকে ৰাজ্যত বৰষুণ সম্পৰ্কীয় ঘটনাত ৩৪১ জন লোকৰ মৃত্যু হৈছে আৰু ৪১ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দেশৰ চাৰিখন ৰাজ্যৰ পাঁচখন বিধানসভাৰ আসনত উপ-নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ
অন্ধ্ৰ প্ৰদেশত ৰে'ল দুৰ্ঘটনাত ১৪ জন নিহত, ১১৩ জন আহত
সংসদৰ বাজেট অধিৱেশনৰ সামৰণি: কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত, প্ৰধান নীতিগত আলোচনা
বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যক সমালোচনা মমতা বেনাৰ্জীৰ
মোদী, ট্রাম্প ইরান আক্রমণ সংকটের মধ্যে হোরমুজ নিরাপত্তা নিয়ে আলোচনা করেন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আগষ্ট মাহত মইলৰ ১৭% বৃদ্ধিৰে ১.৪৫ লাখ টন অভিলেখ উৎপাদন
Next Article আজৱ ঘটনা, স্কুটিৰ চিট বেল্ট পৰিধান নকৰাৰ বাবে লগালে ফাইন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?